গুৱাহাটী, সংবাদ ৩৬৫, ৩০ জানুৱাৰীঃ অসম ইলেকট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছোচিয়েছনৰ উদ্যোগত ১ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰী লৈ গুৱাহাটীত অনুষ্ঠিত হব হিমালয়ান গেমছ মিডিয়া ফুটছাল। দেশৰ সৰ্ববৃহৎ মিডিয়া ফুটছালত হিমালয়ান ৰাজ্যৰ মুঠ ১০ টা দলে অংশ লব। প্ৰতিযোগিতাত অংশগ্ৰহনৰ বাবে ইতিমধ্যে মহানগৰীত আহি উপস্থিত হৈছে ছিকিম, মিজোৰাম, মেঘালয়, অৰুনাচল, নাগালেণ্ড, মনিপুৰ, উত্তৰাঞ্চল , বৰাক উপত্যকা ৰ দল। সংবাদ মেলত এই কথা জনায় আয়োজক সন্থাৰ সভাপতি জয়ন্ন দাস আৰু সা: সম্পাদক বিপুল বৰ্মনে। প্ৰতিযোগিতাখন ১ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে উদ্ধোধন কৰিব ক্ৰীড়া মন্ত্ৰী নৱ কুমাৰ দলে। ৩ ফেব্ৰুৱাৰীত প্ৰস্তাৱিত হিমালয়ান ষ্টেট ক্ৰীড়া সাংবাদিক ফেডাৰেছনৰ অভিৱৰ্তন গুৱাহাটীতে অনুষ্ঠিত হব। ৪ ফেব্ৰুৱাৰীৰ সামৰনী অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় ৰেল মন্ত্ৰী ৰাজেন গোহাঁই। সেই দিনাই ২০ বছৰ পূৰ্বে ভাৰতীয় দলক একেলগে প্ৰতিনিধিত্ব কৰা অসমৰ আঠ ফুটবলাৰ ক্ৰমে ক্ৰিদিপ খাউন্ড, ৰাজু বসুমতাৰী, দুলেশ্বৰ ৰাভা, লক্ষেশ্বৰ কাকতি, যোচেফ লালনুনজিৰা, কমলা কান্ত সিং, পদুম ৰাভা আৰু সিং ৰংহাঙক বিপুল সম্বৰ্ধনা জনাব ইলেকট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছোচিয়েছনে।