তামুলপুৰ, সংবাদ ৩৬৫, ৮ ফেব্ৰুৱাৰী: ২০২০ চনত বি টি চিত ইউ পি পি দলৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত ৷ কিয়নো বড়ো ৰাইজ এতিয়া হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলৰ সতে নাই ৷ আজি পোন্ধৰ বছৰ ধৰি বি টি চিত ধনবল ,বাহু বলেৰে নিৰ্বাচনী বৈতৰণী পাৰ হৈ আহিছে ৷ তেওঁলোকৰ হাতত ধনবল আছে কিন্তু আমাৰ দলৰ আছে জনবল ৷ টকাৰে ভোট কিনাৰ দিন উকলিল ৷ইউ পি পি এল দলে এতিয়া জনবলেৰে আমি শক্তি প্ৰদৰ্শন কৰিবলৈ সাজু হৈছোঁ- এই ভাষ্য ইউ পি পি এল দলৰ সভাপতি ইউ জি ব্ৰহ্মৰ ৷ শুকুৰবাৰে দিনৰ এঘাৰ বজাত তামুলপুৰ মহকুমা সদৰৰ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা তামুলপুৰ জিলা যুৱ ইউ পি পি এলৰ বিশেষ অভিৱৰ্তন আৰু কৰ্মশালাৰ অন্তত অনুষ্ঠিত হোৱা মুকলি অধিৱেশনত মুখ্য অতিথিৰ আসন অলংকৃত কৰি এই বক্তব্য আগবঢ়ায় ৷ ভাষণ প্ৰসংগত তেওঁ কয় যে বি টি চিৰ ৰাইজে এতিয়া গম পাইছে বি পি এফ দলৰ অপশাসন আৰু দুৰ্নীতিৰ কথা ৷ সেয়ে এতিয়া বি পি এফ দলৰ পৰা মানুহ পলায়ন কৰিবলৈ আৰম্ভ কৰিছে ৷ বৰ্তমানৰ প্ৰেক্ষাপটত আমাৰ দল ক্ৰমাৎ শক্তিশালী হ’বলৈ ধৰিছে। সেয়ে ২০২০ চনত বি টি চিত আমাৰ দলে চৰকাৰ গঠন কৰাটো খাটাং ৷ আনকি নেতা গৰাকীয়ে ২০১৯ চনত অনুষ্ঠিত হ’বলগা লোকসভাৰ নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিৰ উপৰিও মংগলদৈ, তেজপুৰ সমষ্টিত ইউ পি পি এল দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি সদৰী কৰাৰ লগতে গুৱাহাটী লোকসভা সমষ্টিটো নিৰ্দলীয় প্ৰাৰ্থী থিয় কৰাবলৈ দৃঢ় প্ৰতিজ্ঞ ইউ পি পি এল দল ৷ নেতা গৰাকীয়ে সভাত ধৰ্মৰ ভিত্তিত নাগৰিকত্ব সংশোধনী বিল ২০১৬ সদ্যহতে সংসদত উত্থাপন কৰিব নালাগে বুলি কয় ৷ তাৰোপৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰে পূৰ্বৰ জনজাতীৰ স্বীকৃতি প্ৰাপ্ত দল – সংগঠনৰ সতে মত বিনিময় কৰিহে জনজাতিকৰণৰ প্ৰক্ৰিয়াটো সমাধান কৰিব লাগে বুলি মতপোষণ কৰে ৷ এই ক্ষেত্ৰত বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে দুমুুখীয়া নীতি অৱলম্বন কৰাৰ কথা সদৰী কৰি পুণৰ কয় যে হাগ্ৰামাই ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কয় এটা তেওঁলোকৰে ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ হাতত অৰ্পণ কৰে আন এখন প্ৰতিবেদন ৷ তামুলপুৰ জিলা ইউ পি পিএলৰ সভাপতি বিপুল বসুমতাৰীৰ সভাপতিত্বত আৰম্ভ হোৱা মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ আসন গ্ৰহন কৰি দলটোৰ কেন্দ্ৰীয় উপ সভাপতি ৰৗনগৗৰা নাৰ্জাৰীয়ে কয় যে বিটিচিত ৩২ লাখ জনসাধাৰণে বিপিএফ চৰকাৰৰ পৰিবৰ্তন বিচাৰিছে ৷ এই পৰিবৰ্তন বিচাৰি বিভিন্ন দল সংগঠনৰ পৰা আহি আমাৰ দলত যোগদান কৰিছে ৷ সেয়ে হে আমাৰ দলৰ জয় নিশ্চিত ৷ তেওঁ পুনৰ কয় যে বি টি চিৰ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি টি চি চৰকাৰখনে জনসাধাৰণৰ মাজত সূতা – কম্বলৰ ৰাজনীতি কৰি আহিছে আনকি হাগ্ৰামা মহিলাৰীৰ চৰকাৰ খনে বিটিচিৰ দুখীয়া জনধাৰণৰ মাজত পঞ্চাশ টকীয়া কম্বল বিতৰণ কৰাৰ বিপৰীতে দলটোৰ নেতা কৰ্মীয়ে দুহেজাৰ টকীয়া কম্বল ব্যৱহাৰ কৰে বুলিও কটাক্ষ কৰে ভাষণত ৷ ভাষণ প্ৰসংগত তেওঁ কয় যে বি টি চিক অসম চৰকাৰে বিগত বছৰ সমূহত পৰিকল্পনা শিতানৰ ধন এতিয়াও প্ৰায় ১৮০০০ কোটি টকা দিব আছে ৷ইয়াৰ বিপৰীতে মাত্ৰ ৩.৫ কোটি টকাহে পাবলৈ সক্ষম হৈছে ৷সেয়ে বিটিচি চৰকাৰখনে এতিয়াও ঠিকাদাৰ সকলক পাব লগা ধন আজিও দিব পৰানাই ৷ বৰ্তমান হাগ্ৰামা মহিলাৰীৰ চৰকাৰখন বাকীতহে চলি আছে বুলি কয় ৷ ইউ পি পি এল দলৰ যুৱ মঞ্চৰ সভাপতি সোমনাথ নাৰ্জাৰীয়ে উদ্বোধন কৰা মুকলি সভাখনত ত ইউ পি পি এলৰ মহিলা কোষৰ সভানেত্ৰী বীণা গয়াৰী, যুৱ মঞ্চৰ উপ – সভানেত্ৰী প্ৰতিভা ব্ৰহ্ম, যুৱ মঞ্চৰ সাঃসম্পাদক মনোজ গয়াৰী, এন ডি এফ বি (প্ৰ)বৰবৰী ডেজিকনেটেত কেম্পৰ চি অ ডব্লিউ নাইছাম,চি ডব্লিউ চিৰ সদস্য ক্ৰমে যোগেন বসুমতাৰী, সুজিত বসুমতাৰী, সুশীল দাস,সংখ্যালঘু কোষৰ সভাপতি মঃ নুৰ হাছান, মুছলপুৰ জিলা সমিতিৰ সভাপতি কাতিৰাম বড়ো প্ৰমুখ্যে দলটোৰ বহু নেতা সকলে অংশ গ্ৰহন কৰে ৷ আজিৰ এই মুকলি সভাত কুমাৰীকাটা তামুলপুৰ নাগ্ৰীজুলি গোৰেশ্বৰৰ পৰা প্ৰায় দুই সহস্ৰাধিক পুৰুষ মহিলা যুৱক যুবতীয়ে অংশ কৰে ৷ শুকুৰবাৰৰ এই অভিবৰ্তনতে ৰোমিত স্বৰ্গীয়াৰীক সভাপতি নাগেশ্বৰ ৰাভাক সম্পাদক হিচাবে লৈ তামুলপুৰ জিলা ইউ পি পি এল দলৰ যুৱ শাখাৰ নতুন সমিতি এখন গঠন কৰা হয় ৷