গুৱাহাটী, সংবাদ ৩৬৫, ২ জুন : শনিবাৰে মহানগৰীৰ গণেশগুৰিস্থিত ঠেংকিউ ল’জত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাখনত সভাপতিত্ব কৰে মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পদ্মকান্ত দাসে। সভাৰ সিদ্ধান্ত মৰ্মে যুৱ মঞ্চৰ পুৰণা মহানগৰ সমিতি ভংগ কৰি নতুনকৈ মঞ্চখনৰ সমিতি গঠন কৰা হয়।
বনজিৎ বৰুৱাক সভাপতি , বিমল শৰ্মাক প্ৰধান সচিব , ধুনমনি কলিতাক কার্যকৰী সভাপতি হিচাপে লৈ ৩১ জনীয়া এক শক্তিশালী সমিতি গঠন কৰা হয় উক্ত সভাত। সভাত উপস্থিত থাকে যুৱ মঞ্চৰ কেন্দ্ৰীয় সচিব প্ৰধান প্ৰণৱজ্যোতি সন্দিকৈ, সাংগঠনিক সচিব অনুপ কুমাৰ বৰা, কাৰ্যকৰী সভাপতি লুইছ বৰুৱাৰ লগতে বহু কেইজন বিষয়ববীয়া।
ইফালে ২০২১ৰ লোকপিয়লত বেংগলী ভাষা অন্তৰ্ভুক্তি কৰণৰ বাবে কৰা ষড়যন্ত্ৰক মঞ্চই তীব্ৰ বিৰোধীতা কৰাৰ লগতে অনাগত দিনত ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ বাবেও প্ৰতিশ্ৰুতিবদ্ধ হয়।