গুৱাহাটী, সংবাদ ৩৬৫, ১১ এপ্ৰিল : মিছ এণ্ড মিছেছ গ্লব ইণ্ডিয়া গ্লৱেল প্ৰতিযোগিতাৰ গুৱাহাটীৰ অডিছন অহা ২১ এপ্ৰিলত আয়োজন কৰা হৈছে। দিনজোৰা কাৰ্য্যসূচীৰে এই প্ৰতিযোগিতাৰ অডিছন গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ হোটেল পুলিন গ্ৰেণ্ডৰ সভাকক্ষত অনুষ্ঠিত কৰা হব। সেই উপলক্ষে বৃহস্পতিবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত এখন সংবাদমেলৰ আয়োজন কৰে উক্ত প্ৰতিযোগিতাৰ উদ্যোগক্তাই ।

ইয়াৰোপৰি গুৱাহাটী অডিছনত নিৰ্বাচিতসকলে ২১ জুনত দিল্লীত অনুষ্ঠিত হ’বলগীয়া সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব পাৰিব। বিদেশলৈ অহা যোৱাৰ খৰছ এম এম ইভেণ্টে বহন কৰিব। দিল্লীত বিজয়ী হোৱা সকলে পৰৱৰ্তী সময়ত চীনৰ মিছ গ্লব চাইনা, শৃংগাপুৰৰ মিছ এণ্ড মিছেছ ইন্টাৰনেছনেল শৃংগাপুৰ, ফিলিপাইনছৰ মিছ এণ্ড মিছেছ ফিলিপাইনছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব।

এই হয় সংবাদমেলত উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য্য প্ৰতিযোগিতাৰ বিজয়ী সুনীতা দেৱ, গীতালি পাঠক, বাগ্মীতা পাঠক।