আব্দুল হক

নগৰবেৰা

১১ জানুৱাৰী

২৪ ঘণ্টা পাৰ নহওতেই ছয় জনকৈ কংগ্ৰেছী ৱাৰ্ড মেম্বৰৰ আত্মসমৰ্পন৷ বিধায়কৰ বাসভৱনত গেৰুৱা বসন পিন্ধা পঞ্চায়তৰ মেম্বৰৰ সৈতে হোৱা ৰুদ্ধধাৰ বৈঠকৰ পিছতেই সুৰসলালে ছগৰাকী সদস্যই৷ বিজেপিলৈ গৈ পুনৰ ঘূৰি আহিল কংগ্ৰেছ দললৈ।

শনিবাৰে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰাত অনুষ্ঠিত হৈছিল বিজেপিৰ এখন নিৰ্বাচন কেন্দ্ৰিক ৰাজহুৱা সভা৷ সেই সভাতেই চেঙা সমষ্টিৰ কাছুমাৰা গাঁও পঞ্চায়তৰ ছজনকৈ ৱাৰ্ড মেম্বাৰে গেৰুৱা বসন পিন্ধিছিল৷ লগে লগে কংগ্ৰেছৰ ভিতৰচৰাত আৰম্ভ হৈছিল এক ৰাজনৈতিক ধূমুহাৰ৷ অৱশেষত দেওবাৰে দিছপুৰৰ পৰা বিধায়ক শুকুৰ আলী আহি উপস্থিত হয় পূৱ মহচৰাৰ নিজ বাসগৃহত৷ দলত্যগী ৱাৰ্ডমেম্বৰ আৰু কাছুমাৰা-মহচৰা পঞ্চায়ত দুখনৰ প্ৰতিনিধিৰ সৈতে এক ৰুদ্ধধাৰ বৈঠকত মিলিত হয় বিধায়ক গৰাকী৷ বৈঠকৰ অন্তত দলত্যাগী সদস্য ছয়গৰাকীয়ে বিধায়কৰ ওচৰত যেন আত্মসমৰ্পন কৰে আৰু ভুল বশত বিজেপিত যোগদান কৰে বুলি কয় লগতে সদস্য কেইজনে অনাগত দিনত কংগ্ৰেছ দল কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে৷৷ কংগ্ৰেছৰ পৰা নিৰ্বাচিত হৈ এটি ভুল বুজাবুজিৰ বাবে শনিবাৰে বিজেপিত যোগদান কৰিছিল যদিও ২৪ ঘণ্টা পাৰ নহওতেই পুনৰ ঘূৰি অহাত আমি সুখী বুলি মন্তব্য কৰে বিজেপিলৈ যোৱা সদস্য কেইজনে৷

চেঙা সমষ্টিত পঞ্চম বাৰৰ বাবে কংগ্ৰেছেই দখল কৰিব আৰু বর্তমানৰ বিধায়ক গৰাকীয়ে এই বাৰ সৰ্বাধিক ভোটত জয়লাভ কৰিব বুলিও মন্তব্য কৰাৰ লগতে ৰাজ্যত কংগ্ৰেছৰেই চৰকাৰ হ’ব বুলি আত্মিবশ্বাসী সদস্য কেইজন। কংগ্ৰেছক কোনো ৰাজনৈতিক দলেই ক্ষতি কৰিব নোৱাৰে বুলিও মন্তব্য কৰে কংগ্ৰেছৰ ত্যাগ কৰি বিজেপিলৈ গৈ পুনৰ কংগ্ৰেছলৈ ঘূৰি অহা সদস্য সকলে।