জোনমণি বেগম
বিশ্বনাথ
২ জানুৱাৰী
বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ বৃহৎ সফলতা। ২৪ ঘন্টাৰ ভিতৰত পাঁচটাকৈ চুৰি বাইক উদ্ধাৰ। আটক কৰিলে চাৰিজনকৈ লোকক। বাইক চোৰৰ লগতে আটক চুৰিৰ বাইক ক্ৰয় কৰা চক্ৰৰ সদস্য।
বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ আৰক্ষীৰ দল এটাই অভিযান চলাই এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ আৰক্ষীৰ দলে মাত্ৰ ২৪ ঘন্টাৰ ভিতৰত পাঁচটাকৈ চুৰি বাইক উদ্ধাৰ কৰাৰ লগতে চাৰিজনকৈ লোকক আটক কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে এসপ্তাহ পূৰ্বে বিশ্বনাথ চাৰিআলিৰ ভিভান নামৰ ব্যবসায়ী প্ৰতিষ্ঠানৰ তলৰ পৰা এজন বাইক চোৰে টি ভি এছ ফিয়েৰ্ বাইক চোৰ কৰি লৈ গৈছিল। বাইকখন ভিভান নামৰ ব্যবসায়ী প্ৰতিষ্ঠানখনৰ মেনেজাৰ বিৰাজ কটকী নামৰ যুৱকজনৰ আছিল। বাইক চুৰিৰ সমগ্ৰ দৃশ্য বন্দি হৈছেল চি চি টিভি কেমেৰাত। চি চি টিভি কেমেৰাৰ ফুটেজ লৈ বিশ্বনাথ আৰক্ষী থানাৰ এটা অভিযানকাৰী আৰক্ষীৰ দলে অনুসন্ধান চলাই ১ জানুবাৰী তাৰিখে বিশ্বনাথ নগৰৰ পুলিচ পইন্টৰ পৰা আটক কৰে চি চি টিভি কেমেৰাৰ ফুটেজত জব্দ হোৱা বাইক চোৰ জনক। বাইক চোৰ জন বিশ্বনাথৰ নবপুৰ গাঁৱৰ জীতেন হাজৰিকা ওৰফে টিকলা বুলি জানিব পৰা গৈছে। বিশ্বনাথ আৰক্ষীয়ে টিকলাক জেৰা চলাই আটক কৰিবলৈ সক্ষম হয় চুৰিৰ বাইক ক্ৰয় কৰা চক্ৰৰ আন তিনিজন সদস্যক।
টিকলাৰ স্বীকাৰোক্তিৰ ভিত্তিত বিশ্বনাথ আৰক্ষীৰ দলে বিশ্বনাথৰ বৰগাং, ন-পমুৱা আৰু তিনিসূতি গাঁৱৰ পৰা পাঁচটাকৈ চুৰিৰ বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আটকাধীন চুৰি বাইক ক্ৰয় কৰা চক্ৰৰ সদস্য কেইজন হৈছে ক্ৰমে ইচাক খান, ৰঞ্জন বৰা আৰু যতীন বৰা।