তেজপুৰ, সংবাদ ৩৬৫, ১৪ ছেপ্টেম্বৰ: মোডী চৰকাৰৰ দিনতো সাধাৰণ জনতাই দৈনিক ব্যৱহিত সামগ্ৰীৰ বাবে হাৰাশাস্তি ভুগিব লগীয়া হৈছে। দৈনিক হাৰত পেট্ৰলজাত সামগ্ৰীৰ অত্যাধিক মুল্যবৃদ্ধিয়ে সকলো ব্যৱসায়ীকে কোঙা কৰি পেলাইছে । শুকুৰবাৰে তেজপুৰৰ কেতেকিবাৰী সদৌ অসম বেচৰকাৰী পৰিবহন ব্যৱসায়ী সকলৰ এখনি সাধাৰণ সভা অনুষ্ঠিত হৈ যায় । সভাত সদৌ অসম বেচৰকাৰি পৰিবহন ব্যৱসায়ী সকলে অসম চৰকাৰৰ পৰিবহন মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীক যাত্ৰীবাহী বাছ সমুহৰ ভাড়া বৃদ্ধিৰ বাবে দাবী তুলি এখন স্মাৰক পত্ৰ প্ৰদান কৰিব । আৰু তেওঁলোকে ৰাজ্য চৰকাৰক ৩০ চেপ্তম্বৰৰ সীমা বান্ধি দিয়ে । ৩০ চেপ্তম্বৰৰ ভিতৰত যদি চৰকাৰে যাত্ৰীবাহী বাছৰ ভাড়া বৃদ্ধিৰ ক্ষেত্ৰত কোনো ব্যৱস্থা নলয় তেন্তে ২ অক্টোৱৰত প্ৰতিবাদী কায্যসুচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে । সদৌ অসম বেচৰকাৰি পৰিবহন ব্যৱসায়ী সকলৰ কাৰ্যকৰি সভাপতি ভৱদেৱ গোস্বামীয়ে লগতে কয় যে ২ অক্টোৱৰত মহামানৱ মহাত্ম গান্ধী জন্মদিনটোত যাত্ৰীবাহী বাছ মালিক সকলে সমগ্ৰ ৰাজ্যজুৰি জিলা উপাযুক্তক বাছৰ চাবি সমুহ চমজাই দি প্ৰতিবাদ সাৱস্ত্য কৰে ।