নিউজ ডেস্ক, সংবাদ ৩৬৫, ২ এপ্ৰিল : ৮ আৰু ৯ এপ্ৰিলত ৰাজ্যজুৰি অচল হ’ব যাত্ৰীবাহী বাছ। কিয়নো পৰিবহণ মন্ত্ৰীৰ ঘোষণাৰ পিছতো আজিলৈ বৃদ্ধি নহ’ল বাছৰ ভাড়া। একেৰাহে দুদিন চকা বন্ধৰ আহ্বান বেচৰকাৰী বাছ মালিক সন্থাৰ। তেজপুৰত বহা যাত্ৰীবাহী পৰিবহণ ব্যৱসায়ীৰ বৈঠকতে এই সিদ্ধান্ত গ্ৰহণ কৰে বেচৰকাৰী বাছ মালিক সন্থাই।
উল্লেখ্য যে ২০১২ চনৰ নিৰিখতেই ৰাজ্যজুৰি চলি আছে বাছ ভাড়া। ইফাল পঞ্চায়ত নিৰ্বাচনত অধিগ্ৰহণ কৰা বাছৰ টকাও বৰ্তমানলৈকে নোপোৱাৰো অভিযোগ সন্থাৰ। বহু বাছৰ মালিকে আজিও পোৱা নাই অধিগ্ৰহণৰ টকা।
আনহাতে, লোকসভা নিৰ্বাচনৰ কামত বাছ নিদিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰে বৈঠকত। নিৰ্বাচনত চৰকাৰ আৰু প্ৰশাসন শ’লঠেকত পৰাৰ সম্ভাৱনা।