গুৱাহাটী, সংবাদ ৩৬৫, ১০ মাৰ্চ: মহানগৰী গুৱাহাটীৰ ৯ গৰাকী মহিলাৰ এখন হোটেল। ৰান্ধনী পৰা আৰম্ভ কৰি স্বত্বাধিকাৰী আৰু খাদ্য পৰিবেশন কৰা সকলো মহিলা এই হোটেলখনত। প্ৰায় ১৩ বছৰ পূৰ্বে মহানগৰীৰ ৰেহাবাৰীৰ বি কে কাকতি পথত দেবজানি দে নামৰ মহিলা গৰাকীয়ে আৰম্ভ কৰিছিল এই বিশেষ হোটেলখন। প্ৰথমে হোটেলখনৰ সকলোবোৰ কাম নিজে কৰা দেবজানিয়ে পিছলৈ ৯ গৰাকীকৈ মহিলাক সংস্থাপনত দিছে এই হোটেলখনত। দেবজানিয়ে ১৩ বছৰ পূৰ্বে অন্যান্য মহিলা সকলক ভাতৰ হোটেল খুলিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে আৰু পুৱাৰ ভাগত ঘৰৰ পৰা নিজৰ কৰ্মস্থলীলৈ ওলাই অহা লোক সকলক দুপৰীয়া এসাজ ঘৰুৱা অহাৰ যোগান ধৰিবলৈ এই ভাতৰ হোটেলখনৰ স্থাপন কৰিছিল। আৰম্ভণিতে অতি সীমিত সংখ্যক লোক দুপৰীয়াৰ এসাজ ভাত খাবলৈ এই হোটেলখনলৈ আহিছিল যদিও বিৰ্তমান এই হোটেলখনত কেইবাশ লোকে দুপৰীয়াৰ অহাৰ গ্ৰহণ কৰে। প্ৰতিদিনে এই হোটেলখনত ভাত বিক্ৰী কৰি দেবজানিয়ে কেইবা হাজাৰ টকা উপাৰ্জন কৰি নিজে স্বাৱলম্ভি হোৱাৰ লগতে আন কেইবা গৰাকী মহিলাক সংস্থাপন দিছে। দুপৰীয়াৰ ভাগত যদি আপুনি আপোনাৰ কৰ্মস্থলীৰ পৰা ওলাই এসাজ ঘৰুৱা অহাৰ খাব বিচাৰে তেন্তে আপুনিও আহিব পাৰে ৰেহাবাৰীস্থিত ‘দিদিছ’ স্নেক্স কৰ্ণৰলৈ’। প্ৰতিদিনে নিজৰ গ্ৰহকলৈ একোটা বিশেষ আঞ্জা যোগান ধৰা দিদি’ছ স্নেক্স কৰ্ণৰ’ৰ খাদ্যৰ তালিকাত আপুনি পাব ভাপা ইলিশ, পাভ মাছৰ চৰচৰি, মিছা মাছৰ আঞ্জা যত আপুনি বিচাৰি পাব আপোনাৰ মাতৃ অথবা পত্নীৰ হাতেৰে তৈয়াৰ কৰা আহাৰৰ তৃপ্তি।