গুৱাহাটী, সংবাদ ৩৬৫, ১৭ মে’: যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত এগৰাকী ৯ বছৰীয়া শিশু আক্রান্ত হৈছে কবিড-১৯ কৰ’ণা ভাইৰাছত। স্বাস্থ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নিজৰ টুইট যোগে সদৰি কৰিছে যে দিল্লীৰ পৰা অহা এগৰাকী ৯ বছৰীয়া শিশুৰ শৰীৰত ধৰা পৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছ। শিশুটিক বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা প্ৰদান কৰা বাবে ৰখা হৈছে।

ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছে। প্ৰতিদিনে ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। দেওবাৰে দিনত ভাগত পুনৰ এজনলৈ বৃদ্ধি পালে ৰাজ্যত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্তৰ সংখ্যা। এইবাৰ এগৰাকী ৯ বছৰীয়া শিশু চিকাৰ হৈছে কভিড-১৯ কৰ’ণা ভাইৰাছত। যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৩ নং ৱাৰ্ডত থকা এগৰাকী ৯ বছৰীয়া শিশু কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হৈছে। শিশু গৰাকী কিছুদিন পূৰ্বে দিল্লীৰ পৰা আহিছিল আৰু বৰ্তমান শিশু গৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা প্ৰদান কৰা হৈছে বুলি টুইট যোগে প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে দিনৰ ভাগত এগৰাকী শিশু কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱাৰ পিছতে ৰাজ্যত এই মাৰাত্মক ভাইৰাছৰ চিকাৰ হোৱা লোকৰ সংখ্যা ৯৬ লৈ বৃদ্ধি পাইছে।

অসমত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত মুঠ ৯৬ গৰাকী লোকৰ ভিতৰত ৪১ গৰাকী লোক সুস্থ হৈ উঠাৰ পৰিবৰ্তে বৰ্তমান চিকিৎসাধীন হৈ আছে ৫১ গৰাকীকৈ লোক। কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হৈ ৰাজ্যত বৰ্তমানলৈকে ২ গৰাকী লোকৰ মৃত্যু হোৱাৰ পৰিবৰ্তৰ ২ দুগৰাকী লোকে ৰাজ্যৰ পৰা বাহিৰলৈ ওলাই গৈছে। ৰাজ্যত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত ৯৬ গৰাকী লোকৰ ভিতৰত ২৯ গৰাকী লোক গুৱাহাটী মহানগৰীৰ।