ৰঙিয়া, সংবাদ ৩৬৫,২৮জুলাইঃ ৰঙিয়া ৰেল ষ্টেচনৰ সমীপত ৰঙিয়া-ৰঙাপাৰা ৰেল লাইনত ৰঙিয়া-ডেকাৰগাঁৱ যাত্ৰীবাহী পেচেঞ্জাৰ ৰেলৰ আগত পৰি আত্মহত্যাৰ চেষ্টা চলাই কনমানি ডেৰ বছৰীয়া শিশুসহ এগৰাকী মহিলাই। ৰঙিয়া-ডেকাৰগাঁৱ ৰেলখন ৰেল পথত ৰৈ যোৱাত ৰেলৰ তলৰ পৰা উলিয়াই আনি চালক সহ যাত্ৰী সকলৰ তৎপৰতাত নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পৰে শিশু সহ মহিলাগৰাকী ৷ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত গৌৰী দাস (২২) য়ে পাৰিবাৰীক কন্দলৰ বাবে আত্মহত্যাৰ চেষ্টা কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে। শিশু, মহিলা গৰাকী কিছু পৰিমানে আহত হয় যদিও চলন্ত ৰেলৰ আগত পৰাৰ পিচতো জীৱন্তে উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটেত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ পিচত ঘটনাস্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হৈ মহিলা আৰু শিশু গৰাকীক উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষাৰ কৰি ৰঙিয়া আৰক্ষী থানালৈ লৈ আহে ।