ৰঙিয়া, সংবাদ ৩৬৫, ১০ অক্টোবৰ: অবৈধ বালি খননৰ বিৰুদ্ধে অভিযানত নামিল ৰঙিয়া মহকুমাৰ মহকুমাধিপতি । দীৰ্ঘদিন ধৰি বৰলীয়া নৈত চলি আহিছিল বালিৰ ছিণ্ডিকেট । বুধবাৰে মহকুমাধিপতিয়ে অবৈধ বালিৰ ছিণ্ডিকেট উৎখাত কৰি জব্দ কৰে চাৰিখনকৈ টেক্টৰো । দুদিন পূৰ্বেও ৰঙিয়া বন বিভাগৰ কাৰ্যলয়ৰ সমীপত জব্দ কৰিছিল অবৈধ ভাৱে অনা কাঠ ভৰ্ত্তি ট্ৰাক । বন বিভাগৰ নিচিনা বিয়াগোম বিভাগ এটা থাকোতেই অবৈধ সৰবৰাহৰ বিৰুদ্ধে মহকুমা প্ৰশাসনে অভিযান চলাবলগীয়া হোৱাটো লজ্বাজনক ভাবে বিবেচিত হৈছে । উল্লেখযোগ্যযে চৰকাৰী নিষেধাজ্ঞা স্বত্ত্বেও ৰঙিয়াৰ মাজেৰে বৈ যোৱা বৰলীয়াৰ নৈৰ বুকুত চলাই আহিছিল নিতৌ অবৈধ ভাৱে বালি খনন কাৰ্য । কেবল সেয়াই নহয় , চালান বিহীন ভাবে বালি ভৰ্তি ট্ৰেক্টৰবোৰ বনবিভাগ আৰু ৰঙিয়া আৰক্ষীৰ আশীৰ্বাদত নিসংকোচে অহা যোৱা কৰে ৰঙিয়া চহৰৰ মাজমজিয়াৰে । ৰঙিয়াৰ ডি এফ অ’ৰ কাৰ্য্যালয়ৰ পৰা নাতিদূৰতে হৈ থকা এই অবৈধ কাৰ্যক দেখিও নেদেখা ভাও জুৰি আছে আৰক্ষী তথা বনবিভাগৰ বিষয়াসকলে। প্ৰাপ্ত অভিযোগ মতে আৰক্ষী তথা বনবিভাগৰ বিষয়া সকলক মেনেজ কৰিলেই চলাই থাকিব পাৰি অবৈধ কামকাজ ।উল্লেখযোগ‍্য যে যোৱা ১০ চেপ্তেম্বৰত ৰঙিয়াৰ সদৰ খণ্ড বন বিষয়া ধীৰাজ দাসক দুৰ্নীতি নিবাৰক শাখাই বালি কঢ়িওৱা গাড়ীৰ পৰা উৎকোচ লৈ থাকা অৱস্থাত হাতে লোটে ধৰা পেলোৱাৰ পিছতো লাজ নহ’ল বিভাগটোৰ । কেবল টকাৰ বাবেই বন বিভাগ ,আৰক্ষী আৰু অসাধু চক্ৰই ৰঙিয়া চহৰবসীক বিপদৰ মাজলৈ ঠেলি দি চহৰ খনৰ মাজমজিয়াৰে বৈ যোৱা বৰলীয়া নৈখনত চলাই গৈছে অত্যাচাৰ ? এই ক্ষেত্ৰত স্হানীয় বিধায়ক ভবেশ কলিতাৰ হস্তক্ষেপ কামনা কৰিছে ৰাইজে ।