ৰঙিয়া, ২১ ডিচেম্বৰঃ ৰঙিয়াৰ ঐতিহ্যমণ্ডিত হৰদত্ত বীৰদত্ত ভৱনৰ সন্মুখত বৃহস্পতিবাৰে কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে। জনজাতিকৰণ, নিবনুৱা সমস্যা সমাধান, লোকসভা বিধানসভাত আসন সংৰক্ষনৰ দাবীত কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই এই প্ৰতিবাদ কাৰ্য্যসূচী গ্ৰহণ কৰে। ৰাজ্যত প্ৰায় ৮০ লাখ কলিতা জনগোষ্ঠীৰ লোক থকাৰ পিছতো চৰকাৰে সদায় উপেক্ষা কৰি আহিছে এই বৃহত্তৰ জনগোষ্ঠীটোক। অসম চৰকাৰ হায় হায়, আমাক জনজাতিকৰণ লাগিবই চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰীতিবাদকাৰী সকলে পৰিৱেশ উত্তাল ।কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ ৰঙিয়া জিলাৰ সমিতিৰ উদ্যোগত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিও অংশগ্ৰহণ কৰে।