ৰঙিয়া, ২৪ জুনঃ ৰঙিয়াত এজন পূজাৰীয়ে চুৰি কৰি হাতে লোটে ধৰা পৰাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি, ৰঙিয়াৰ সমীপৰ তুলসীবাৰীত পূজাৰী ৰামকৃঞ্চ গোস্বামীয়ে কাপোৰ দোকানত কাপোৰ চুৰি কৰি হাতে লোটে ধৰা পৰে৷ স্থানীয় লোকে  পূজাৰী ৰূপী চোৰজনক উত্তম-মধ্যম শোধাই তুলসীবাৰী আৰক্ষীক চমজাই দিয়ে।  স্থানীয় লোকৰ পৰা জানিব পৰা মতে ৰামকৃঞ্চ গোস্বামীয়ে দীৰ্ঘদিন ধৰি তুলসীবাৰী অঞ্চলত মানুহৰ ঘৰ-দোকানত পূজা-পাতল কৰি অহিছে৷ পূজাৰী জনৰ এই চুৰিৰ কথা বিয়পি পৰাত অঞ্চলটোত তীব্ৰ আলোড়নৰ সৃষ্টি হৈছে ।