ৰঙিয়া, ৮ জানুৱাৰী: ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বঙালীকুছিত সোমবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দ্ৰুতবেগী গুৱাহাটী অভিমুখী এএছ-০১-ডিগি-২৮৩৮ নম্বৰৰ ৰীনালত গাড়ীৰ খুন্দাত দুই চাইকেল আৰোহীক আহত হয়। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা চাইকেল আৰোহী জন মাধৱ কলিতা বুলি চিনাক্ত কৰা হয় যদিও আনজন ব্যক্তিক এতিয়াও চিনাক্ত কৰা হোৱা নাই। স্থানীয় ৰাইজে ১০৮ এম্বুলেঞ্চ সেৱাক খবৰ দিয়াৰ পিছতো এম্বুলেঞ্চখন বহু পলমলৈ ঘটনাস্থলীত উপস্থিত হয়। দুর্ঘটনাত আহত হোৱা ব্যক্তি দুজন বহু সময়লৈ ৰাষ্ট্রীয় ঘাইপথৰ দাতিতে চট ফটাই পৰি থাকে। অৱশেষত উপায় বিহীন হৈ স্থানীয় ৰাইজে নিজে দুয়োজনকে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। পিছত দুয়োজনকে সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেললৈ প্ৰেৰণ কৰা হয়। আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়ে চাৰি চকীয়া বাহন এৰি পলায়ন কৰে চালকজনে।