ৰঙিয়া, ২০ ডিচেম্বৰঃ  বুধবাৰে ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেপ্তিত গৰিয়া যুৱ ছাত্ৰ পৰিষদ, আক্ৰাছু, কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই পথ অৱৰোধ কাৰ্য্যসূচী গ্ৰহণ কৰাত কেইবা শতাধিক যান বাহন ৰাষ্ট্ৰীয় পথৰ ওপৰত আৱদ্ধ হৈ পৰে। ৰঙিয়াৰ পুজ্ঞলয়ড কোম্পানী আৰু ৰাষ্টায় ঘাইপথ কৰ্তৃপক্ষৰ বিৰুদ্ধে এই পথ অৱৰোধ কাৰ্য্যসূচী গ্ৰহণ কৰে বিভিন্ন সংগঠনে। আসোৱাহপূৰ্ণ ভাৱে পুজ্ঞলয়ড কোম্পানীটোৱে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰাৰ ফলত ৰঙিয়াত পথ দুৰ্ঘটনা সংখ্য বৃদ্ধি পাবলৈ ধৰিছে বুলি মন্তব্য প্ৰকাশ কৰে পথ অৱৰোধকাৰীয়ে। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই সম্পূৰ্ণৰূপে হেমাহি কৰাৰো অভিযোগ কৰে পথ অৱৰোধকাৰীয়ে। ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োফালে চাৰ্ভিচ ৰোড নিৰ্মাণ কৰা, বিজ্ঞান সন্মতভাৱে ডিভাইদাৰৰ ব্যৱস্থা কৰা, নৰ্দমা নিৰ্মান কৰাৰো দাবী জনায় পথ অৱৰোধ কৰা তিনিওটা সংগঠনে। প্ৰায় এঘন্টা ধৰি পথ অৱৰোধ কৰি তিনিওটা সংগঠনৰ সদস্যই পুজ্ঞলয়ড কোম্পানী হুচিয়াৰ, অতি শীঘ্ৰে চাৰ্ভিচ ৰোড নিৰ্মাণ কৰক, ৰাষ্টীয় ঘাইপথ কৰ্তৃপক্ষ হায় হায় শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। পৰিবেশ উত্তাল হোৱাত প্ৰতিবাদস্থলীত দণ্ডাধীশ উপস্থিত হৈ দাবীসমূহ সোনকালে সমাধান কৰাৰ আশ্বাস দিয়ে।