ৰঙিয়া, ২০ ডিচেম্বৰঃ ৰঙিয়াৰ ভাৰত ভূটান আন্ত:ৰাষ্ট্ৰীয় ঘাইপথৰ চিকনিবাৰীত বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ ওপৰত ৰৈ থকা এখন ট্ৰাকত তীব্র বেগী বাইকে খুন্দা মৰাত গুৰুতৰভাৱে আহত হয় তিনিজনকৈ যুৱক। ভূটানৰ পৰা ৰঙিয়া অভিমুখে এখন বাইকত তিনিজনকৈ যুৱক তীব্র বেগত বাইক লৈ আহি থকা অৱস্থাত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনা সংঘটিত কৰা বাইকখন নাম্বাৰ এএছ-০১বিজি-২৬৫২। এই ভয়ংকৰ দুৰ্ঘটনাৰ আহত হোৱা তিনিওজন যুৱকক স্থানীয় ৰাইজে সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল হাস্পাতাল লৈ প্ৰেৰণ কৰে। দুর্ঘটনাত আহত হোৱা যুৱকসকল চিনাক্ত হোৱা নাই।