ডিমৰীয়া, ১৩ জানুৱাৰীঃ ডিমৰীয়াৰ ডেকা গাভৰুৱে বিহুগীত, তিৱা লোকগীত গাই নামিল বমানী বিলত মাছ মাৰিব। ৰজাদিনীয়া পৰম্পৰা অক্ষুন্ন ৰাখি বমানী বিলত ডিমৰীয়াবাসীয়ে মাৰিলে মাছ। মহানগৰীৰ সমীপৱৰ্তী ডিমৰীয়াৰ বমানী বিলত শনিবাৰে পুৱাৰ ভাগত কেইবা হাজাৰ লোকে অংশগ্ৰহণ কৰিলে সমূহীয়া মাছ মৰা পৰ্বত। তিৱাসকলৰ ৰজাদিনীয়া পৰম্পৰা অনুসৰি উৰুকাৰ দিনা ৰাইজ একলগ হৈ ঐতিহাসিক বমানী বিলত সমূহীয়াভাবে মাছ মাৰিলে। পুৱাৰ ভাগত গাঁওবাসী ৰাইজ বমানী বিলৰ পাৰত একগোট হৈ বিহুগীত, তিৱা লোকগীত গাই বিলৰ পানী নামি যাই ধৰিলে বৰালি, ভকুৱা, ৰৌ। কেইবা হাজাৰ লোকেৰ লগতে তিৱা ডেকা গাভৰু সকলে জাল আৰু জাকৈলৈ বিলৰ পৰা তুলি আনে বিভিন্ন ধৰণৰ মাছ উৰুকাৰ নিশা ভেলাঘৰৰ বাকৰিত সকলোৱে একগোট হৈ তৃপ্তিৰে এসাজ খাবলৈ। ডিমৰীয়াৰ বমানী বিলত প্ৰতি বছৰে উৰুকাৰ দিনা সমূহীয়া মাছ মৰা পৰ্ব আয়োজিত কৰা হয়। এই পৰ্বত সকলোৱে মিলিত হৈ বিলৰ পাৰত পূজা আগবঢ়াই মাছ মাৰিবলৈ বিলত নামি যায়। এই পৰম্পৰা তিৱাসকলৰ ৰজাদিনীয়া যি সময়ৰ সোতৰ লগত হেৰাই যাবলৈ ধোৰিছে যদিও ডিমৰীয়াবাসীয়ে নিজৰ প্রচেষ্টাত কিছু পৰম্পৰা বৰ্তমানেও ধৰি ৰাখিছে।