গুৱাহাটী, সংবাদ ৩৬৫, ২৬ এপ্ৰিল : “ৰঞ্জন গগৈৰ বিৰুদ্ধে এগৰাকী মহিলাই যি অভিযোগ উত্থাপন কৰিছে সেই অভিযোগৰ অন্তৰালত যে ডাঙৰ ষড়যন্ত্ৰ নিহিত হৈ আছে সেয়া ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ হৈ আহিছে। ৰঞ্জন গগৈৰ বিৰুদ্ধে যাতে কোনোধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰা নহয় তাৰ বাবে আমি সকলো পক্ষকেই সকীয়নী দিব খুজিছোঁ” । শুকুৰবাৰে এখন সংবাদমেলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ অনাৰ প্ৰসংগত এনেদৰে কয়।

২০১৭-১৮ বৰ্ষৰ অসমীয়া জাতিৰ শ্ৰেষ্ঠ অসমীয়া বুলি স্বীকৃতি দিয়া ৰঞ্জন গগৈক যাতে কোনেও আক্ৰমণৰ লক্ষ্য কৰি নলয় তাৰবাবে সকীয়নী দি কয় যে চৰকাৰেই হওক বা অন্যান্য শক্তিশালী পক্ষই হওক যদি ৰঞ্জন গগৈৰ বিৰুদ্ধে কোনোধৰণৰ ষড়যন্ত্ৰমূলক কাম-কাজ কৰে তেনেহলে কাকো সুদাই এৰা নহ’ব। সুস্থিৰভাৱে যাতে তেওঁ কাম-কাজ চলাই যাব পাৰে তাৰকাৰণে সকলোৱে সহযোগিতা আগবঢ়াবৰ বাবে অনুৰোধ জনায় উপদেষ্টা গৰাকীয়ে।

গগৈয়ে সংবাদমেলত আৰু কয় যে ৰঞ্জন গগৈয়ে যি বলিষ্ঠ ভূমিকা সমগ্ৰ ভাৰতবৰ্ষৰ গণতন্ত্ৰণত ৰক্ষা কৰিবৰ বাবে চেষ্টা কৰিছে গণতন্ত্ৰ ধ্বংসকাৰীসকলে ৰঞ্জন গগৈৰ বিৰুদ্ধে এই ষড়যন্ত্ৰ ৰচনা কৰা বুলি অনুমান কৰা হৈছে। বিজেপি চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ এই ষড়যন্ত্ৰত এশ শতাংশই জড়িত । সেইকাৰণে কেন্দ্ৰীয় চৰকাৰক এই ষড়যন্ত্ৰ নকৰিবলৈ সকীয়নী প্ৰদান কৰে।