অলি উল্লাহ খান

লাহৰীঘাট

৬ অক্টোবৰ

লাহৰীঘাটত ৰাইজে উদ্ধাৰ কৰিলে পহু। ব্ৰহ্মপুত্ৰ নদীত বোকাৰ মাজত আৱদ্ধ হৈ থকা পহুটোক ৰাইজে উদ্ধাৰ কৰি গতাই দিলে আৰক্ষীক।

মৰিগাঁও জিলাৰ লাহৰীঘাটত মঙলবাৰে পুৱাৰ ভাগত ৰাইজে এটা পহু উদ্ধাৰ কৰে। লাহৰীঘাটৰ বগলীপাৰা গাঁৱত ব্ৰহ্মপুত্ৰ নদীৰ ওচৰত ৰাইজে পুৱা এটা পহু প্ৰত্যক্ষ কৰে। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত বোকাৰ মাজত আৱদ্ধ হৈ থকা পহুটোক স্থানীয় কিছুমান ৰাইজে উদ্ধাৰ কৰি আৰক্ষী খবৰ দিয়াত লাহৰীঘাট আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ পশুটি থানালৈ লৈ আনে। পুৱাৰ ভাগত পহু উদ্ধাৰৰ খবৰ পাই পহুটোক চাবলৈ হেতা-ওপৰা লাগে স্থানীয় ৰাইজৰ মাজত। পহুটো লাওখোৱা অভয়াৰণ্যৰ পৰা ব্ৰহ্মপুত্ৰ নদীত উটি অহাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

সম্প্ৰতি পহুটোক লাহৰীঘাট আৰক্ষীৰ জিম্মাত আছে আৰু লাহৰীঘাট আৰক্ষীয়ে মৰিগাঁও জিলা বন বিভাগক পহুটোক গতাই দিয়াৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে।