হোজাই
১২ ছেপ্টেম্বৰ
ৰাইজে খেদি খেদি আটক কৰিলে নকল টকাৰ ব্যৱসায় কৰিবলৈ আহ এজন লোকক। হোজাইৰ দেৱস্থানত নকল টকাৰ ব্যৱসায় কৰিবলৈ আহি ৰাইজৰ হাতত আটক হয় জীয়া উদ্দিন নামৰ লোকজন।
হোজাইৰ দেৱস্থান বজাৰত শনিবাৰে বজাৰৰ এজন দোকানীৰ পৰা সামগ্ৰী ক্ৰয় কৰি দোকানী জনক নকল টকা দিওঁতেই ৰাইজৰ হাতত ধৰা পৰে জীয়া উদ্দিন নামৰ লোকজন। লোকনজ নকল টকা দিয়াত দোকানী জনৰ সন্দেহ হোৱাত জীয়া উদ্দিন পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও ৰাইজে খেদি খেদি জীয়া উদ্দিন আটক কৰি
দেবস্থান আৰক্ষীক চমজাই দিয়ে। জীয়া উদ্দিন হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত শিংগিৰপাৰ গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে পূৰ্বতেও নকল টকাসহ ধৰা পৰাৰ বাবে জেললৈ গৈছিল জীয়া উদ্দিন৷ সম্প্ৰতি দেৱস্থান আৰক্ষীয়ে জীয়া উদ্দিনক শংকৰদেৱনগৰ আদালতত হাজিৰ কৰি পুনৰ সোধপোছৰ বাবে আৰক্ষীৰ জিম্মালৈ লৈছে।