বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ১ মেঃ ভাৰতবৰ্ষৰ স্বাধীনতাৰ পৰবৰ্তী প্ৰতিখন চৰকাৰে উন্নয়নৰ ফটাঢোল বজাই আহিলেও ৰাজ্যৰ বহু অঞ্চল এতিয়াও উন্নয়নৰ সামান্যতমো দৃশ্যমান হোৱা নাই। নিৰ্বাচনৰ প্ৰাকক্ষনত প্ৰতিগৰাকী প্ৰাৰ্থীয়ে বিভিন্ন অঞ্চল সমূহলৈ গৈ সৰ্বত দিশত উন্নয়নৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও জনপ্ৰতিনিধি ভুৱা প্ৰতিশ্ৰুতিত ভোল গৈ চহা জনসাধাৰণে ভোট দি প্ৰতিনিধি নিৰ্বাচন কৰে কিন্তু প্ৰতিবাৰেই ৰাইজৰ ভোটত নিৰ্বাচিত প্ৰতিনিধি সকলে পাহৰি যায় নিজৰ প্ৰতিশ্ৰুতিৰ কথা। স্বাধীনতাৰ ৭১ বছৰ পিছতো বিভিন্ন অঞ্চল সমূহ হৈ আছে উপেক্ষিত। বঙাইগাঁও জিলাৰ অভয়াপুৰী দক্ষিণ (অনু) বিধান সভা সমষ্টিৰ আমগুৰী অঞ্চলখনো হৈছে তেনে এক উপেক্ষিত অঞ্চল। সমষ্টিটোৰ টাপাট্ৰাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত কলবাৰী পঞ্চায়তৰ আমগুৰীৰ মাজেৰে বৈ যোৱা মৰা কুজিয়া নৈ খনৰ ওপৰত বাহৰ দলং সাজি অঞ্চলটোৰ ৰাইজে নৈখনৰ ওপৰৰে বিপদজনক ভাবে যাতায়াত কৰি আহিছে।অভয়াপুৰী পাছনীয়া হৈ যোগীঘোপা লৈ থকা গড়কাপ্তানী পথলৈকে অঞ্চলটোৰ কুশবাৰী, মধুফল, চিকাটাৰী ,লতিবাৰী, আমগুৰী প্ৰথম আৰু দ্বিতীয় খণ্ডৰ ৰাইজে স্বাধীনতাৰ পিছৰে পৰা জনপ্ৰতিনিধী আৰু প্ৰশাসনক নৈ খনৰ ওপৰত এখন স্থায়ী দলং নিৰ্মাণৰ বাবে দাবী জনাই আহিছিল যদিও সকলো ফুটুকাৰ ফেনত পৰিনত হয়।নৈ খনৰ ওপৰত এখন স্থায়ী দলং হব বুলি আশা বুকুত বান্ধি ৰাইজে প্ৰতিটো বাৰিষাৰ প্ৰাকক্ষনত গাঠিৰ ধন ভাঙি সশ্ৰমেৰে একোখন বাহৰ দলং সাজি যাতায়াত চলাই আহিলেও সেই দলংৰে গধুৰ বাহন চলাচল কৰিব নোৱাৰাত অঞ্চলবাসী চৰম বিপৰ্যয়ৰ সন্মুখীন হব লগা হয়।বিশেষকৈ সংকটজনক ৰোগীৰ বাবে এম্বূলেন্স সেৱাই ঢুকি নোপোৱা অঞ্চলবাসীয়ে সময়ে সময়ে চৰম অসুবিধাৰ সন্মুখীন হব লগা হয়। এই পথছোৱাৰে অঞ্চলটোৰ বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰী যাতায়াত কৰিবলগীয়া হোৱাত সন্তান ঘৰৰ পৰা ওলাই যোৱাৰ পিছত পিতৃ মাতৃ দু:চিন্তাৰ মাজত থাকিবলগীয়া হয়। এনে পৰিস্থিতিৰ অৱসান বিচাৰি ৰাইজে সম্ভৱপৰ সকলো ঠাইতে আবেদন নিবেদন জনাই কোনো ফল নধৰাত মঙলবাৰে ৰাইজ সমূহীয়া ভাবে ওলাই আহে নৈখনৰ ওপৰত তুলনামূলকভাৱে এখন শক্তিশালী বাহৰ দলং নিৰ্মাণৰ বাবে। অঞ্চলটোৰ প্ৰতিটো পৰিয়ালৰ পৰা বৰঙণি সংগ্ৰহ কৰি ৰাইজে দলংৰ বাবে প্ৰয়োজনীয় বাহ, ৰছি, গুনা ক্ৰয় কৰি যুদ্ধংদেহী মনোভাৱেৰে নামি যায় দলং নিৰ্মাণত। ৰাইজে জানিবলৈ দিয়া মতে প্ৰায় দূশ ফুট দৈৰ্ঘ্যৰ দলংখন নিৰ্মাণ সামগ্ৰীতেই ব্যয় হৈছে প্ৰায় ৮০ হাজাৰ টকা।দলংখন নিৰ্মাণৰ ক্ষেত্ৰত মজুৰিধাৰী শ্ৰমিক নিয়োগৰ বিপৰীতে ৰাইজে নিজেই শ্ৰমদান কৰিছে। ৰাইজে অভিযোগ কৰামতে পঞ্চায়তৰ পৰা লোকসভালৈ নিৰ্বাচনত নমা সকলো দলৰ প্ৰাৰ্থীয়ে অঞ্চলটোলৈ গৈ নিৰ্বাচিত হলে নৈখনত স্থায়ী দলং নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও বৰ্তমানলৈকে কোনো এজন জনপ্ৰতিনিধিয়ে নিজৰ প্ৰতিশ্ৰুতি পালন নকৰিলে।ৰাজনৈতিক নেতা পালিনেতাৰ প্ৰতিশ্ৰুতিত মোহান্ধ হয় থকা ৰাইজ এইবেলি জাগি উঠা বুলি প্ৰকাশ কৰি ৰাইজে আগন্তুক পঞ্চায়ত নিৰ্বাচনত ইমানদিনে আভূৱা ভৰি থকা ৰাজনৈতিক দল সমূহৰ কোনো প্ৰাৰ্থীকে অঞ্চলটৈত নিৰ্বাচনী প্ৰচাৰ কৰিব নিদিয়াৰ হুমকি দিয়ে।