ৰঙিয়াত দুই কিশোৰী উদ্ধাৰ
গুৱাহাটী/ৰঙিয়া, ২৫ অক্টোবৰঃ গুৱাহাটী ৰেলৱে আৰক্ষীয়ে ডিব্ৰুগড় নতুন দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ সোণ উদ্ধাৰ কৰাৰ লগতে দুজন লোকক আটক কৰে৷ প্ৰাপ্ত তথ্য মতে, ৰেলৱে আৰক্ষীয়ে পুৱা ৭.১৫ত ডিব্ৰুগড় নতুন দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছৰ পৰা ১.৬কেজি ওজনৰ ১০টা সোণৰ বিস্কুট উদ্ধাৰ কৰে৷ সোণৰ বিস্কুটখিনিৰ মূল্য প্ৰায় ৫০ লাখ টকা বুলি জানিব পৰা গৈছে৷ নাগালেণ্ডৰ ডিমাপুৰৰ পৰা নতুন দিল্লীলৈ সৰবৰাহকাৰী দুজনে সোণৰ বিস্কুটখিনি কঢ়িয়াই নিয়াৰ সময়ত গুৱাহাটী ৰেলৱে আৰক্ষীয়ে উদ্ধাৰ কৰে৷ বৰ্তমান ৰেলৱে আৰক্ষীয়ে সৰবৰাহকাৰী দুজনৰ জেৰা অব্যাহত ৰাখিছে৷ আনহাতে, ৰঙিয়া জংচনৰ ২ নং প্লেটফৰ্মৰ পৰা ৰেলৱে সুৰক্ষা বাহিনীয়ে দুগৰাকী কিশোৰীক উদ্ধাৰ কৰে৷ জানিব পৰা মতে, কিশোৰী দুগৰাকীৰ ঘৰ ওদালগুৰী জিলাৰ কোনো ভিতৰুৱা অঞ্চলত৷ কোনো দুষ্ট চক্ৰই কিশোৰী দুগৰাকীক ৰেলেৰে বহিঃৰাজ্যলৈ নিয়াৰ চেষ্টা চলোৱা সময়তে ৰেলৱে সুৰক্ষা বাহিনীয়ে কিশোৰী দুগৰাকীক উদ্ধাৰ কৰে৷ ৰঙিয়া ৰেলৱে সুৰক্ষা বাহিনীয়ে চাইল্ড লাইনৰ সহযোগত কিশোৰী দুগৰাকীক পৰিয়ালক গতাই দিয়াৰ যোজা চলাইছে। অৱশ্যে ৰেলৱে সুৰক্ষা বাহিনীয়ে ঘটনাৰ লগত জড়িত কোনো লোকক বৰ্তমানলৈ আটক কৰিবলৈ সক্ষম হোৱা নাই যদিও অভিযান অৱ্যহত ৰাখিছে।