তামুলপুৰ, সংবাদ ৩৬৫, ৫ ডিচেম্বৰ: হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ প্ৰশাসনে বি টি এ ডিত বসবাস কৰা সকলো শ্ৰেণীৰ ৰাইজৰ উন্নয়নৰ হকে কাম কৰি আহিছে। স্বাধীনোত্তৰ কালত বি টি এ ডি অঞ্চলৰ উন্নয়নৰ ওপৰত কোনোখন চৰকাৰে গুৰুত্ত আৰোপ কৰা নাছিল যাৰ ফলত সৰ্বদিশত পিছপৰি আছিল বৰ্তমানৰ বি টি এ ডি অঞ্চল। বি টি চি গঠন হোৱাৰ পিছত বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বি টি এ ডিত বসবাস কৰা জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজৰ বাবে শিক্ষা খণ্ড, স্বাস্থ্য খণ্ড, কৃষি ক্ষেত্ৰ, যাতায়তকে আদি কৰি ভিন্ন দিশত উন্নয়ন তৰান্বিন্ত কৰা হৈছে। এই ভাষ্য বি টি চিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ। বুধবাৰে বাক্সা জিলাৰ শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত খাটৰবাৰীত খাটৰবাৰী চ’কৰ পৰা বৰলীয়াপাৰলৈ নিৰ্মান কৰিবলগীয়া এটি পথৰ আধাৰশিলা স্থাপন কৰি কাৰ্যবাহী সদস্য গৰাকীয়ে এইদৰে কয়। শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ টি চি এল চি চিৰ সভাপতি ৰুদ্ৰ সুবেদী, বি পি এফ নেতা জিনাৰাম বড়ো, খাটৰবাৰী ভি চি ডি চিৰ সভাপতি ফাগুনী স্বর্গীয়াৰী, খাটৰবাৰী ভি চি ডি চিৰ প্ৰাক্তন সভাপতি ৰাজু বড়ো, স্থানীয় বি পি এফ নেতা ফ্ৰাইদে স্বৰ্গীয়াৰী, কৃষ্ণকান্ত ব্ৰহ্ম, ব্ৰজেন বড়োৰ উপৰিও বিভিন্ন নেতা কৰ্মীৰ উপস্থিতিত গণেশ কছাৰীয়ে শুক্লাই চেৰফাং সমষ্টিৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে। অনাগত দিনত শুক্লাই চেৰফাং পৰিষদীয় সমাষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ লগতে খাটৰবাৰীৰ অৰঙা বান্ধ, পিপলেনীৰ বাট -পথ, বিভিন্ন বিদ্যালয়ৰ উন্নয়ন , দলং, জলসিঞ্চনৰ আঁচনি আদি গ্ৰহণ কৰা আৰু বিভিন্ন পথ-দলং নিৰ্মাণৰ বাবে গ্ৰহণ কৰা আঁচনি সমূহৰ বিষয়ে গণেশ কছাৰীয়ে ৰাইজক বিতংকৈ সদৰী কৰে। পথচোৱাৰ আধাৰশিলা স্থাপন কৰি কাৰ্যবাহী সদস্য গণেশ কছাৰীয়ে কয় যে বি পি এফ দলে ৰাজনীতিৰ বাবে ৰাজনীতি কৰা নাই। উন্নয়নৰ কাম কৰি ৰাইজৰ সমস্যা সমাধানৰ পথ প্ৰশস্ত কৰাৰ বাবেহে বি পি এফ দলে কাম কৰি আহিছে। হাগ্ৰামা মহিলাৰীৰ নেতৃত্বধীন বি পি এফ দলে যাতে বি টি এ ডি অঞ্চলৰ উন্নয়ন আৰু অধিক তৰান্বিন্ত কৰিব পাৰে তাৰ বাবে ৰাইজৰ সহায়-সহযোগ কামনা কৰে বি টি চিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীয়ে।