গুৱাহাটী, সংবাদ ৩৬৫, ১৪ মে’ : এ পি এছ চি কেলেংকাৰীৰ সঠিক তদন্ত আৰু ছিণ্ডিকেটৰাজ বন্ধৰ দাবী সদৌ অসম উন্নয়ন পৰিষদৰ । মঙলবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি পৰিষদে কয় যে সৰ্বানন্দ সোণোৱাল চৰকাৰে যিমানেই এ পি এছ চি অসোৱাহ মুক্ত বুলি প্ৰচাৰ নকৰক কিয় এতিয়াও এ পি এছ চি আসোঁৱাহ মুক্ত হোৱা নাই । এ পি এছ চিৰ দুৰ্নীতি ফাদিল কৰি ৰাকেশ পাল সহিতে ৰথী- মহাৰথীক জেললৈ প্ৰেৰণ কৰি যি ছিণ্ডিকেটৰাজ চলাই আছে সেইয়া অসমৰ ৰাইজে বুজি উঠিছে।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ দাবী জনায় সদৌ অসম উন্নয়ন পৰিষদে কয় যে ৰাজনীতিকৰণৰ পৰা মুক্ত কৰক এ পি এছ চিক। ৰাজনীতিৰ মেৰপাকত এ পি এছ চি সোমাই নথকা হলে সঠিক তদন্ত হল হেতেন।
ৰাকেশ পালক লৈ যে চৰকাৰে ৰাজনীতি কৰি আছে সেয়া ৰাইজে গম পাইছে । গতিকে এ পি এছ চিৰ কেইজনমান ব্যক্তিক জেলত সোমোৱাই কৰা ভেল্কীবাজিৰ নাটক যি সৰ্বানন্দই কৰি আছে সেই নাটক বন্ধ কৰক ।
আনহাতে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ এজন ঘনিষ্ঠ ব্যক্তি অঞ্জন পালৰ নেতৃত্বত বৰাক উপত্যকাত এটা ডাঙৰ ছিণ্ডিকেট চলি আছে । এই ছিণ্ডিকেটৰাজত যদি ৰঞ্জিত দাস জড়িত নহয় তেনেহলে এই বিষয়টোৰ সন্দৰ্ভত তেখেতৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায় পৰিষদে ।
ইয়াৰোপৰি, সংবাদমেলত পৰিষদে কয় যে নামৰূপৰ সাৰ কাৰখানাৰ পৰা অসমৰ কৃষকসকলক বিতৰণৰ বাবে অনা সাৰ বৰপেটা আৰু ৰঙিয়াৰ বৃহৎ গুদামত মজুত কৰি চক্ৰটোৱে মেঘালয়, শিলচৰ হৈ ম্যানমাৰলৈ ছিণ্ডিকেট চলাই আছে । তথ্য অনুসৰি তেওঁলোকৰ দাবী যে চক্ৰটোৱে ধনৰ টোপোলা দিছপুৰলৈ দিয়া বাবেই চক্ৰটোৰ ওপৰত আৰক্ষীয়ে কোনো ব্যৱস্থা লোৱা নাই।
চক্ৰটোৰ নায়ক ৰঙিয়াৰ নজৰুল ইছলামৰ নামত পৰিষদে গোচৰ ৰুজু কৰাৰ পাছতো তেখেতক বৰ্তমানলৈকে আটক কৰিবলৈ সক্ষম নোহোৱা কাৰ্যত একাংশ বিষয়াৰ লগত গোপন বুজা-বুজিৰ সন্দেহ কৰে পৰিষদটোৱে। গতিকে ছিণ্ডিকেটৰ লগত জড়িত সকলো ব্যক্তিক তদন্তলৈ আনি উচিত বিচাৰৰ বাবে দাবী জনায় পৰিষদে।