গুৱাহাটী, সংবাদ ৩৬৫, ১৭ এপ্ৰিলঃ দেশৰ বিভিন্ন প্ৰান্ততৰ লগতে ৰাজ্যত সংঘটিত হোৱা নাৰীজনীত অপৰাধৰ বিৰুদ্ধে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ কলা দিৱস পালন। মঙলবাৰে গুৱাহাটীস্থিত ৰাজীৱ ভৱনত অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সদস্য সকলে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক তীব্ৰ সমালোচনা কৰে। দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ থকা বিভিন্ন নাৰীজনীত অপৰাধৰ লগতে উত্তৰ প্ৰদেশৰ উন্নাওত এগৰাকী মহিলাৰ ধৰ্ষণকাণ্ডৰ লগত বিজেপিৰ বিধায়কৰ নাম সাঙোৰ খাই পৰা আৰু জম্মু কাশ্মীৰৰ কঠুৱাত এগৰাকী কিশোৰীক ধর্ষণ কৰি হত্যা কৰা সকলৰ সমৰ্থন সভাত বিজেপিৰ দুজনকৈ মন্ত্ৰী অংশগ্ৰহণ কৰা কাৰ্যক অসম প্ৰদেশ মহিলা কংগ্ৰেছে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। মহিলা কংগ্ৰেছৰ সদস্য সকলে ধর্ষণকাৰীক মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰ দাবী তোলে। মহিলা কংগ্ৰেছৰ সদস্য সকলে দেশত নাৰীৰ ওপৰত সংঘটিত হৈ থকা অপৰাধ আৰু এটাৰ পিছত আনটো ধর্ষণকাণ্ডৰ পিছতো প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ইয়াৰ বিৰুদ্ধে কোন কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাত মহিলা সকলে ক্ষোভিত হৈ পৰে। মহিলা সকলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী মূর্দাবাদ, বিজেপি মূর্দাবাদ, বিজেপি দল ধর্ষণকাৰীৰ দল, উন্নাও আৰু কঠুৱাৰ ধর্ষণকাৰীৰ ফাঁচী দিয়ক শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। বেটি বচাও বেটি পঢ়াও’ৰ শ্লোগান দিয়া প্ৰধানমন্ত্ৰী মোদীৰ দলৰ নেতা সকলৰ নাম এটাৰ পিছত আনটো ধর্ষণকাণ্ডৰ লগত সাঙোৰ খাই পৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বচাও বেটি পঢ়াও শ্লোগানৰ ফোঁপোলাস্বৰূপ ওলাই পৰিছে বুলি মন্তব্য প্ৰকাশ কৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী সাহনাজ য়াছমিন হকে। সভানেত্ৰী গৰাকীয়ে অসমটো মহিলাৰ ওপৰত নিৰ্যাতন আৰু ধর্ষণকাণ্ড দিনক দিনে বৃদ্ধি পাবলৈ ধৰাৰ পিছতো ৰাজ্যৰ সৰ্বানন্দ সোনোৱালৰ বিজেপি চৰকাৰখনে ইয়াৰ প্ৰতিৰোধ আৰু অপৰাধীক উচিত শাস্তি দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে বিফল হোৱা বুলি মন্তব্য প্ৰকাশ কৰে। মহিলা কংগ্ৰেছৰ সভানেত্ৰী গৰাকীয়ে ধর্ষণকাৰীক ফাঁচী দিয়াৰ দাবী কৰাৰ লগতে কয় দেশৰ বেটি সুৰক্ষিত থাকিলেহে বেটি বাচিব আৰু পঢ়িব। বৰ্তমানৰ চৰকাৰখনে দেশত বেটিক সুৰক্ষা প্ৰদানত সম্পূৰ্ণৰূপে বিফল হৈছে।