সংবাদ ৩৬৫, ৬ জুলাইঃ গোৱালপাৰা জিলাত আৰক্ষীৰ গুলিত নিহত হোৱা ইয়াকুব আলীৰ পৰিয়ালক ১০ লাখ টকা ক্ষতিপূৰণ দিয়াৰ লগতে আহতসকললৈ ৫ লাখ টকা প্ৰদানৰ দাবীত আজি ৰাজ্যজুৰি আমছুৱে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে। আমছুৱে লগতে ইয়াকুব আলীৰ মৃত্যুৰ বাবে দায়ী আৰক্ষী বিষয়া ডিম্বেশ্বৰ ৰয়ৰ লগতে কনিষ্টবল অনুপ চেতিয়াকো গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমছুৰ সদস্যসকল ৰাজপথত ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল মুর্দাবাদ, অসম আৰক্ষী মুর্দাবাদ, অসম আৰক্ষী হায় হায়, পুলিচৰ গুণ্ডাৰাজ বন্ধ কৰক শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি আমছুৰ সভাপতি আজিজুৰ ৰহমানে অভিযোগ কৰে যে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আমছুৰ দাবীক গুৰুত্ব প্ৰদান নকৰে। সভাপতি জনে লগতে জানিবলৈ দিয়ে যে অহা জুলাই মাহৰ ৯ তাৰিখে আমছুৱে গুৱাহাটীত বুদ্ধিজীৱি আৰু বিভিন্ন সংগঠনৰ নেতৃত্বৰ লগত মিলিত হৈ এক প্ৰতিবাদী নাগৰিক সভাৰ আয়োজন কৰিব। চৰকাৰে যদি ইয়াৰ পিছতো গুৰুত্ব প্ৰদান নকৰে তেন্তে সমগ্ৰ অসমত আমছুৱে ৰাষ্টীয় ঘাইপথ অৱৰোধ, ৰেলপথ অৱৰোধ আৰু অসম বন্ধৰ দৰে পদক্ষেপ গ্ৰহণ কৰাৰো ভাবুকি প্ৰদান কৰে।