গুৱাহাটী, সংবাদ ৩৬৫, ১৩ ছেপ্টেম্বৰ: সনাতন পঞ্জিকা অনুসৰি ভাদ্ৰপ্ৰদ(ভাদ) মাহৰ শুক্লা চতুৰ্থী তিথিত গণেশ চতুৰ্থী মহোৎসৱ পালন কৰা হয়। সাধাৰণতে প্ৰতি মাহৰে চতুৰ্থী তিথিত প্ৰথম দেৱ হিচাপে শ্ৰী শ্ৰী গনপতি বা গণেশ দেৱৰ পূজন হয়। আৰু ভাদ্ৰপ্ৰদ(ভাদ) মাহৰ শুক্লা চতুৰ্থী তিথিত ইয়াক অতি ধুম ধামেৰে মহোৎসৱ হিচাপে পালন কৰা হয়। কাৰণ এই সময়ৰ পৰাই শৰদুৎসৱৰ আৰম্ভণি হয়। বৰ্ষ ১৮৯৩ চনত লোকমান্য বাল গংগাধৰ তিলকদেৱে প্ৰথমবাৰৰ বাবে গণেশ চতুৰ্থী পালন কৰিছিল। সেই সময়ত ব্ৰিটিছৰ তলত থকা ভাৰতীয় লোকসকলৰ মাজত ব্ৰিটিছে ৰোপন কৰা সম্প্ৰদায়িকতাৰ বৰবিহ জোপাই পোখাইছিল। সেয়েহে এই সম্প্ৰদায়িকতাৰ গৰাহৰ পৰা মুক্ত কৰি জনসাধাৰণৰ মাজত একতাৰ বীজ ৰোপণ কৰিবৰ বাবে মহাৰাষ্ট্ৰৰ পেশোৱা সকলৰ ইষ্টদেৱ শ্ৰী শ্ৰী গণেশ দেৱৰ বিগ্ৰহ মন্দিৰৰ গৰ্ভগৃহৰ পৰা ৰাজহুৱা স্থলীলৈ উলিয়াই আনিছিল। আৰু সকলো লোককেই দৰ্শন আৰু পূজা অৰ্চনা কৰোৱাৰ পাছত পুনৰ গৰ্ভগৃহত প্ৰতিষ্ঠা কৰোৱা হৈছিল। আৰু সেই তেতিয়াৰ পৰাই ভাদ মাহৰ চতুৰ্থী তিথিত গণেশ পূজা পালন কৰা হয়। আজিও অৰ্থাৎ বৃহস্পতিবাৰে চতুৰ্থী তিথি উপলক্ষে সমগ্ৰ দেশজুৰি গণেশ চতুৰ্থী পালন কৰাৰ লগতে ৰাজ্যতো গণেশ চতুৰ্থী পালন কৰা হয়। ৰাজ্যজুৰি গণেশ চতুৰ্থী উপলক্ষে মহানগৰী গুৱাহাটীৰ বিভিন্ন গণেশ মন্দিৰ সমূহত পুৱাৰে পৰা ভক্তৰ লানি নিছিঙা ভিৰ পৰিলক্ষিত হয়। বিভিন্ন আলোকসজ্জাৰে গণেশ মূৰ্তিক সজাই তুলিছে। গণেশগুৰিস্থিত গণেশ মন্দিৰত গণেশ দেৱতাৰ আশীষ বিচাৰি হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে। গণেশ দেৱতাক পুজা অৰ্চনা কৰিবলৈ গণেশগুৰিৰ গণেশ মন্দিৰৰ পৰা গণেশগুৰি চাৰিআলিলৈ ভক্তৰ লাইন দেখবলৈ পোৱা যায়। গণেশ দেৱতাৰ আশীষ বিচাৰি মহানগৰীৰ অন্যান্য গণেশ মন্দিৰ সমূহৰ দৰে গণেশগুৰিৰ গণেশ মন্দিৰত পুৰুষ, মহিলা, বৃদ্ধ, শিশু সকলোৱে ভিৰ কৰা পৰিলক্ষিত হয়। ভক্তসকলে ধূপ-ধুনা, চাকি জ্বলাই গণেশ দেৱতাৰ আশীষ বিচৰাৰ লগতে গণেশ মন্দিৰ সমূহৰ প্ৰাঙ্গনত গণেশ বন্দনাৰে মুখৰিত হৈ পৰে।