গুৱাহাটী, সংবাদ ৩৬৫, ২১ মাৰ্চ: অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয়খনে বিশ্ববিদ্যালয়ৰ মৰ্যাদা হেৰুওৱাটো নিশ্চিত হৈ পৰাৰ পিছত সমগ্ৰ ৰাজ্যতে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰ উঠিছে। যোৰহাটস্থিত মহিলা বিশ্ববিদ্যালয়খন বন্ধ কৰাৰ চৰকাৰ সিদ্ধান্তৰ বিৰুদ্ধে বুধবাৰে চৰাইদেউ জিলাৰ সোণাৰিৰ নামতোলা তিনিআলিত বৃহত্তৰ অসমীয়া যুৱ মঞ্চই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰে। অসম মহিলা বিশ্ববিদ্যালয়খনক বন্ধ কৰি মহিলা কাৰিকৰী প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰাৰ বাবে ৰাজ্য চৰকাৰে লোৱা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আৰু বিশ্ববিদ্যালয়খনৰ স্বকীয়তা অক্ষুণ্ণ ৰখাৰ দাবীত ডিব্ৰুগড় জিলাৰ চাবুৱাতো উত্তাল প্ৰতিবাদ কৰে আছুৰ উদ্যোগত ডিডিআৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে। চাবুৱাত আছু কৰ্মী আৰু ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলাৰ লগতে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। উল্লেখ্য যে, মঙলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে যোৰহাটত মহিলা বিশ্ববিদ্যালয়খনৰ শিক্ষক আৰু ছাত্ৰীৰ এটা প্ৰতিনিধি দলৰ সৈতে আলোচনাত মিলিত হৈ মহিলা বিশ্ববিদ্যালয়খনক বিশ্ববিদ্যালয়ৰ মৰ্যাদা দিয়াৰ পৰিবৰ্তে মহিলা কাৰিকৰী উচ্চ শিক্ষানুষ্ঠান হিচাপেহে গঢ়ি তোলা হব বুলি ঘোষণা কৰে।