খেৰণি, সংবাদ ৩৬৫, ১৩ ফেব্ৰুৱাৰীঃ  ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত। কেতিয়াবা যদি মানুহৰ হাতত বনৰীয়া হাতীৰ মৃত্যু হৈছে কেতিয়াবা আকৌ হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাবলগা হৈছে মানুহ। কেতিয়াবা বনৰীয়া হাতীৰ জাকে মানুহৰ বাসস্থান ভাঙি চলাইছে সন্ত্ৰাস কেতিয়াবা আকৌ বৈদ্যুতিক তাৰত লাগি মৃত্যুৰ মুখত পৰিছে হাতী। হাতী মানুহৰ এই যুদ্ধৰ পৰিমাণ এতিয়া প্ৰায়ে দেখিবলৈ পোৱা যায় ৰাজ্যৰ বিভিন্ন স্থানত। হাতী মানুহৰ এই যুদ্ধৰ একমাত্ৰ কাৰণ হল সংকুচিত বনাঞ্চল। নিজৰ সুবিধাৰ বাবে মানুহে যি হাৰত বনাঞ্চচলৰ গছ কাটি তহিলং কৰাৰ লগতে বনাঞ্চলৰ ভূমি অবৈধ ভাৱে বেদশল কৰি আহিছে তাৰ পৰিণতিস্বৰূপে ৰাজ্যত বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত।

বনাঞ্চল সংকুচিত হোৱাৰ ফলত বাসস্থান আৰু খাদ্যৰ অভাৱত বিভিন্ন বনৰীয়া জীৱ জন্তুৰ লগতে বনৰীয়া হাতীৰ জাক এতিয়া সঘনাই আহিবলৈ ধৰিছে জনাঞ্চলত। যাৰ ফলস্বৰূপে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। যোৱা বছৰ ডিচেম্বৰ মাহত শোণিতপুৰ জিলাত খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা এটা বনৰীয়া হাতীৰ জাকৰ ৰেলৰ লগত খুন্দা লগত ৬ টাকৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যু হৈছিল। ঠিক তেনে এক মৰ্মান্তিক ঘটনাৰ পুনৰাবৃত্তি হয় জানুৱাৰী মাহৰ ১১ তাৰিখৰ হোজাই জিলাৰ লংকাত, যত ৰেলৰ খুন্দাত ৫ টাকৈ বনৰীয়া হাতীয়ে প্ৰাণ হেৰুৱাব লগা হয়। এই ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা কাৰ্বি আংলঙ জিলাৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে।

পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলৰ অন্তৰ্গত বৃহত্তৰ খেৰণি, হাজাগাফাৰ, ৱাটিজুৰাৰ লগতে মাইলুৰ বিভিন্ন অঞ্চলত এটা বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলাই সৰ্বসাধাৰণ লোকৰ নিন্দ্ৰাহৰণ কৰিছে। সোমবাৰে নিশা হাজাগাফাৰত বনৰীয়া হাতীৰ জাকে আক্ৰমণ কৰি কেইবাজনো লোকৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ভঁৰালৰ ধান খাই তহিলং কৰে। নিশা বনৰীয়া হাতীৰ জাকটোৱে আক্ৰমণ চলাই মনমোহন সিং নামৰ এজন লোকৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে লোকজনৰ বাসগৃহটো হাতীৰ জাকটোৱে আগুৰি ধৰাত সমগ্ৰ পৰিয়ালটো গৃহবন্দী হৈ পৰে। প্ৰাণ ৰক্ষাৰ বাবে পৰিয়ালটোৱে চিঞৰ বাখৰ কৰিবলৈ ধৰাত স্থানীয় ৰাইজ আৰু বন বিভাগৰ লোক আহি পৰিয়ালটোক ৰক্ষা কৰে।