গুৱাহাটী, সংবাদ ৩৬৫, ১৮ মে’: ৰাজ্যত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্তৰ সংখ্যা ১০৪ লৈ বৃদ্ধি পোৱাৰ বিপৰীতে সোমবাৰৰ দিনটোত মৃত্যু ঘটিছে এজন আক্রান্তৰ। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে সদৰি কৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্তৰ সংখ্যা ১০৪ লৈ বৃদ্ধি পোৱাৰ লগতে এজন লোক মৃত্যু হোৱা বুলি।

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ভয়াবহ ভাবে বৃদ্ধি পাবলৈ ধৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। সোমবাৰৰ দিনটোত বৰ্তমানলৈকে ৰাজ্যত ৪ জন লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হৈছে। সোমবাৰে পুৱা ১১.১৫ মিনিটত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে জানিবলৈ দিয়ে যে যোৰহাট জিলাত এজন লোক আৰু নগাঁও জিলাত এজন লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে পুনৰ ৩.২০ মিনিটত অন্য এটা টুইট যোগে গোলাঘাট জিলাত আৰু দুজনকৈ লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছ ধৰা পৰিছে বুলি সদৰি কৰে। দিনটোত ৪ জনকৈ লোক আক্রান্ত হোৱাত ৰাজ্যত আক্রান্ত সংখ্যা ১০৪ লৈ বৃদ্ধি পাইছে।

আনহাতে আজিৰ দিনটোৰ দ্বিতীয়টো বেয়া খবৰ আহে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা ৭১ বছৰীয়া গোপিন্দ্ৰ চন্দ্ৰ মালাকাৰ নামৰ কভিড-১৯ আক্রান্ত লোকৰ জনৰ মৃত্যু ঘটে। মালাকাৰ কৰ্কট ৰোগত আক্রান্ত আছিল আৰু কিছুদিন পূৰ্বে বিশেষ বাছ যোগে তেওঁ মুম্বাইৰ পৰা চিকিৎসা কৰি গুৱাহাটীলৈ ঘূৰি আহিছিল। মুম্বাইৰ পৰা ঘূৰি অহাৰ পিছত গোপিন্দ্ৰ চন্দ্ৰ মালাকাৰৰ কভিড-১৯ টেষ্ট কৰোৱা হৈছিল আৰু ফলাফলত তেওঁ কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত বুলি নিশ্চিত হোৱাৰ পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল।