গুৱাহাটী, সংবাদ ৩৬৫, ১৪ জানুৱাৰী: ৰাজ্যত মাঘ বিহুৰ উখল-মাখল পৰিৱেশৰ মাজতে ৰাজ্যবাসীলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ’য় দুগৰাকী অসম কন্যাই। ৰাষ্ট্ৰীয় পৰ্যায়ত অনুস্থিত হোৱা কেটলবেল চেম্পিয়নশ্বিপত অসমক প্ৰতিনিধিত্ব কৰি সোনৰ পদক আজুৰি আনে দুই অসম কন্যাই । অসমক প্ৰতিনিধিত্ব কৰি এটি ৬ জনীয়া দল গুৱাহাটীৰ পৰা মুম্বাইলৈ ৰাওনা হৈছিল আৰু মুম্বাইত অনুস্থিত হোৱা ষষ্ঠ নেশ্যনেল কেটলবেল চেম্পিয়নশ্বিপত অংশগ্ৰহন কৰিছিল দলটোৱে । দলটোৰ চালবানী চাংমাই আজুৰি আনে সোনৰ পদক আৰু গায়ত্ৰী বুঢ়াগোহাই ৰূপৰ পদক আজুৰি আনে। সোমবাৰে মুম্বাইৰ পৰা বৰঝাৰ বিমানবন্দৰত আহি উপস্থিত হয় দুয়োগৰাকী অসম কন্যা ।
