গুৱাহাটী, সংবাদ ৩৬৫, ২৯ এপ্ৰিল : “এন ই গ্ৰীণ এবাকাছ” উত্তৰ-পূৱৰ এবাকাছ সংগঠন। য’ত ছাত্ৰ-ছাত্ৰীক হাতৰ আখৰৰ উন্নীতকৰণ, গণিতৰ জ্ঞান ,খৰতকীয়া হাতৰ আখৰ আদি শিকোৱা হয়। গাঁৱে-ভূঁইয়ে ৮৫ তাতকৈও অধিক এন ই গ্ৰীণ এবাকাছৰ শাখা উত্তৰ-পূবত স্থাপিত হৈছে । এই “এন ই গ্ৰীণ এবাকাছ”ত মুঠ ১২০০ জন শিক্ষাৰ্থী আছে।

৫ মে’ত ৰাজ্যিকভিত্তিত প্ৰথমবাৰৰ বাবে এবাকাছ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । প্ৰায় ১০০০ ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰতিযোগিতাৰ বাবে নাম পঞ্জীয়ন কৰিছে । ৰাতিপুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব লগা এই প্ৰতিযোগিতা মহানগৰীৰ ৰুক্মিণী নগৰ অডিত’ৰিয়ামত পতা হ’ব।

আনহাতে, এই এবাকাছ অনুশীলন কৰি নিবনুৱা যুৱক-যুৱতীয়ে নিজা ববীয়াকৈ এই পাঠ্যক্ৰম আৰম্ভ কৰি তেওঁলোকৰ উপাৰ্জনৰ পথ মুকলি কৰি লব পাৰিব বুলিও কয় এবাকাছৰ মুৰব্বী তুলসীপ্ৰিয়া বৰদলৈয়ে। তেখেতে আৰু কয় ” নাৰী সৱলীকৰণৰ ক্ষেত্ৰত ই যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।”

ইয়াৰোপৰি সংবাদ মাধ্যমৰ আগত তেখেতে কয় যে ভিতৰুৱা গাঁও অঞ্চলত এবাকাছৰ কৰ্মশালা কৰিব বিচাৰিলে তেওঁলোকে কোনোধৰণৰ পাৰিশ্ৰামিক নোলোৱাকৈ কৰ্মশালাৰ আয়োজন কৰিব।