গুৱাহাটী, সংবাদ ৩৬৫, ১১ জানুৱাৰী: বৰ্তমান ৰাজ্যৰ পৰিস্থিতি তেনেই বিষম। এফালে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ আনফালে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। পৰিৱৰ্তনৰ শ্লোগান গাই ফুৰা শাসিত চৰকাৰখনে অৱশেষত অসমীয়া ৰাইজক মাধমাৰ শোধালে। তাৰ লগত সংগতি ৰাখি শুকুৰবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এক সংবাদমেল অনুষ্ঠিত কৰে। উক্ত সংবাদমেলত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে বহু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ শাসনকালত সন্ত্ৰাসবাদৰ পৰা যুৱকসকলক আঁতৰাই আনিছিল, কিন্তু বৰ্তমান বিজেপিৰ কাম–কাজে যুৱকসকলক সন্ত্ৰাসবাদলৈ আগুৱাই দিছে। বৰ্তমান ৰাজ্যৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ বুলি কয় তেখেতে। বেংগল কেডাৰৰ আই পি এছ এজনক মুখ্যমন্ত্ৰীৰ নিৰাপত্তা উপদেষ্টা হিচাপে লৈছে, কিন্তু অসম কেডাৰৰ বিষয়া এজনো নাপালে বুলিও কয় মন্ত্রীগৰাকীয়ে। তাতোকৈ অতি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়োই তেখেতে কয় যে কোনোবাদিনা বিজেপিয়ে মুখ্যমন্ত্ৰীও বাহিৰৰ পৰা আনিব৷ ৰাম মাধৱেই আহি কেতিয়াবা অসমৰ মুখ্যমন্ত্ৰী হ’ব বুলিও মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ৷ বিতর্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক বিলখন যদিহে বাতিল নকৰে তেন্তে ১৪৪ ধাৰা ভংগ কৰি জে’লভৰো কাৰ্যসূচী গ্ৰহণৰো হুংকাৰ প্ৰদান তৰুণ গগৈৰ। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এখন হেলিকপ্টাৰ স্থায়ীভাৱে লৈ লৈছে৷ মাহিলী হিচাপত অটো ভাৰা লোৱাৰ দৰে হেলিকপ্টাৰ লৈছে সোণোৱালে। হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি গগৈয়ে কয় যে “হিমন্ত বিশ্বই ১৭টা সমষ্টিৰ কথা কৈছে, মই কৈছো ১৭ নহয় ৭০টা বচাওক, কিন্তু বেংগলী আনি সমষ্টি বচাব নেকি”? ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ আহিব বিচৰা হিন্দু বাংলাদেশীক সংস্থাপন দিবলৈয়ে বিজেপিয়ে এই আইন আনিব বিচাৰিছে৷ কিন্তু গগৈয়ে পোন্ধৰ বছৰ মুখ্যমন্ত্ৰী হৈ থাকোতে এনে নিৰ্যাতনৰ বলি হোৱা বুলি এখনো আবেদন নাপালে বুলি বিজেপি দলক কটাক্ষ কৰি কয়।