গুৱাহাটী, সংবাদ ৩৬৫, ২৩ অক্টোবৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যৰ চৌদিশে জ্বলিছে প্ৰতিবাদৰ জোৱাৰ। সমগ্ৰ অসমতে এতিয়া একেই প্ৰতিবাদী কণ্ঠ” নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিব লাগে”। সেয়ে মঙ্গলবাৰে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত ৪৬টাকৈ জাতীয় সংগঠনে দিয়া ১২ ঘন্টীয়া অসম বন্ধত ৰাজ্যবাসীৰ বহু সমৰ্থকৰ ব্যাপক সহাৰি। নাগৰিকত্ব সংশোধনী বিধেয়কৰ জড়িয়তে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ দাবীত অহা ১৭ নৱেম্বৰত কেবাটাও বাঙালী সংগঠনে গণসমাবেশ আয়োজন কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ বিৰোধিতা অব্যাহত থকাৰ মাজতে মঙ্গলবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত ৰাজ্যৰ ৬০টাকৈ সংগঠনে ঘোষণা কৰা অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখিবলৈ পোৱা যায়। মহানগৰী গুৱাহাটীত ৰাইজে এই বন্ধ সফল কৰাৰ উদ্দেশ্যে দোকান পোহৰ বন্ধ ৰাখে। গুৱাহাটীৰ খানাপাৰা, জালুকবাৰী, লখৰা আদি ঠাইত বন্ধ সমৰ্থকে টায়াৰ জ্বলাই বন্ধ সফল কৰা পৰিলক্ষিত হয়। ৰাজপথত ব্যক্তিগত বাহন আৰু চৰকাৰী এ এছ টি চিৰ বাহিৰে সকলো বাহনৰ চলাচল বন্ধ থাকে। ৰাজ্য চৰকাৰে এই বন্ধক অবৈধ বুলি ঘোষণা কৰি সকলো চৰকাৰী কৰ্মচাৰী কাৰ্যালয়ত উপস্থিত থাকিবলৈ নিৰ্দেশনা জাৰি কৰাত চৰকাৰী কাৰ্যালয় সমূহত কৰ্মচাৰী সকল উপস্থিত হোৱা দেখিবলৈ পোৱা যায়। এই বন্ধ বিফল কৰিবলৈ চৰকাৰে যি সকল ব্যৱসায়ীক প্ৰতিষ্ঠানে এই বন্ধক সমৰ্থন জনাই ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ ৰাখিব তেওঁলোকৰ ট্ৰেড লাইচেন্স বাতিল কৰা হয় বুলিও নিৰ্দেশনা জাৰি কৰিছিল যদিও মহানগৰীৰ ব্যৱসায়ী সকলে চৰকাৰৰ এই নিৰ্দেশনাক কেৰেপ নকৰি মঙ্গলবাৰৰ বন্ধক সমৰ্থন জনাই দোকান পোহৰ বন্ধ ৰাখে। যাৰ ফলত বন্ধৰ ব্যপক প্ৰভাৱ পৰিলক্ষিত হৈছে। জালুকবাৰীৰ উৰণীয়া সেঁতুৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত বন্ধ সমৰ্থকৰ। মহানগৰীৰ বিভিন্ন প্ৰান্তৰ লগতে ব্যৱসায়ীক কেন্দ্ৰ ফাঁচী বজাৰ সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে। ফাঁচী বজাৰৰ সকলোবোৰ দোকান পোহৰ বন্ধ ৰাখিছে ব্যৱসায়ী সকলে। ৰাজপথটো দুই এখন ব্যক্তিগত বাহন চলাচল দেখিবলৈ পোৱা গৈছে। প্ৰশাসনেও সম্পূৰ্ণ সুৰক্ষাৰ ব্যৱস্থা কৰিছে। ঠায়ে ঠায়ে আৰক্ষী আৰু চি আৰ পি এফ মোটায়ান কৰা হৈছে। মহানগৰীৰ দুই এঠাইত বন্ধ সমৰ্থকে টায়াৰ জ্বলাই প্ৰতিবাদ কৰিছে যদিও আৰক্ষীয়ে কিছু সমৰ্থকক আটকো কৰিছে। অসম জাতীয়তাবাদী ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা আটক মঙ্গলবাৰে অসম বন্ধৰ আহ্বান জনোৱা ৬০ টাকৈ সংগঠনৰ বহু বন্ধ সমৰ্থকক আৰক্ষীয়ে আটক কৰিছে। বন্ধৰ সম্পূৰ্ণ প্ৰভাৱ পৰিলক্ষিত হৈছে মহানগৰীত। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা সঞ্জীৱ বৰাক আৰক্ষীয়ে ফাঁচী বজাৰৰ পৰা আটক কৰিছে। সঞ্জীৱ বৰাক বৰ্তমান ফাঁচী বজাৰ আৰক্ষী চকীত আটক কৰি ৰখা হৈছে। মহানগৰীৰ লগতে মৰিয়নীৰ চেলেংহাটতো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰে’ল পথ অৱৰোধ। ডিব্ৰুগড়-ৰঙিয়া নামনিমুৱা যাত্ৰীবাহী ৰে’ল পথ অৱৰোধ কৰি প্ৰতিবাদ বন্ধ সমৰ্থকৰ। লখিমপুৰ ৰে’ল ষ্টেচনতো ৰঙিয়া-মুৰ্কংচেলেক অভিমুখী যাত্ৰীবাহী ৰে’ল অৱৰোধ বন্ধ সমৰ্থকৰ। প্ৰশাসনৰ হস্তক্ষেপৰ পিছত প্ৰতিবাদকাৰীয়ে মুকলি কৰি দিয়ে ৰে’লখন। বাক্সাৰ মুছলপুৰ, তামুলপুৰ, শালবাৰী আৰু গোৰেশ্বৰতো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ। ইফালে, সোণাৰিত এ জে ওৱাই চি পিৰ সম্পাদক সন্দীপ নেওগক আটক কৰে আৰক্ষীয়ে। ধেমাজিত বন্ধ সমৰ্থকে বন্ধ কৰিলে উন্নয়ন খণ্ড, প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়। ৰাজ্যৰ চৌদিশে বন্ধৰ সৰ্বাত্মক প্ৰভাৱ এতিয়া পৰিলক্ষিত হৈছে।