গুৱাহাটী

৩ আগষ্ট

কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতাৰণা বিৰোধী দিৱস। সমগ্ৰ ৰাজ্যৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত ৰাজীৱ ভৱনত কংগ্ৰেছ নেতা-কৰ্মীৰ উত্তাল প্ৰতিবাদ। ৰাজ্যৰ বান-গৰাখহনীয়া সমস্যাৰ সমাধান আৰু বান সাহায্য প্ৰদানৰ ক্ষেত্ৰত বিজেপি চৰকাৰে ভুৱা প্ৰতিশ্ৰুতি প্ৰদানৰ অভিযোগ কংগ্ৰেছৰ।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত কংগ্ৰেছ নেতা-কৰ্মীৰ উত্তাল প্ৰতিবাদ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত অৰ্ধ শতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে বিজেপি চৰকাৰ বিৰোধী শ্লোগানেৰে ৰাজীৱ ভৱন উত্তাল কৰি তোলে। কংগ্ৰেছৰ অভিযোগ কেন্দ্ৰৰ বিজেপি চৰকাৰে ৰাজ্যৰ বান প্ৰতিৰোধ আৰু বান সহায্যৰ নামত অসমক দিয়া প্ৰতিশ্ৰুতি পালন নকৰি প্ৰতাৰণা কৰিছে। বিজেপি বিৰোধী প্ৰতিবাদী কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক আক্ৰমণ কৰি কয় “অসমৰ বান সমস্যা লাঘবৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী নিতীন গাডকাৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰা প্ৰতিশ্ৰুতি সমূহ ভুৱা। ২০১৭ চনত অসমত হোৱা প্ৰলয়াংকাৰী বানপানীৰ খবৰ ল’বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহি ১ আগষ্ট তাৰিখে গুৱাহাটীত অসম চৰকাৰৰ কেবিনেট আৰু উচ্চ পদস্থ বিষয়া সকলৰ লগত আলোচনাত মিলিত হৈ অসমকে ধৰি উত্তৰ পূৱৰ বানপানীৰ ক্ষয়ক্ষতিৰ বাবে ২৩৫০ কোটি টকা, অসমৰ বাবে তৎকালীনভাৱে ২৫০ কোটি টকা, ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে ৪০০ কোটি টকা আৰু ব্ৰহ্মপুত্ৰ অববাহিকাৰ অধ্যয়নৰ বাবে ১০০ কোটি টকা প্ৰদানৰ ঘোষণা কৰিছিল কিন্তু এই প্ৰতিশ্ৰুতি সমূহ কিয় পালন নকৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে।

২০১৬ চনৰ ২৪ অক্টোবৰত নতুন দিল্লীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত কেন্দ্ৰীয় মন্ত্ৰী নিতীন গাডকাৰীয়ে ব্ৰহ্মপুত্ৰৰ ১ লাখ কোটি টকা বিনিয়াগ কৰি এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল আৰু এই প্ৰতিশ্ৰুতিক কি হ’ল বুলি ৰিপুন বৰাই প্ৰশ্ন কৰাৰ লগতে ২০১৪ চনৰ বিজেপিৰ ৰাষ্ট্ৰীয় ইস্তাহাৰত আৰু ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে প্ৰকাশ কৰা ভিজন ডকুমেণ্টত অসমৰ বানপানী নিয়ন্ত্ৰণৰ বাবে দিয়া প্ৰতিশ্ৰুতি, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্ৰহ্মপুত্ৰৰ বানপানী নিয়ন্ত্ৰণৰ বাবে ড্ৰেজাৰেৰে ব্ৰহ্মপুত্ৰ খনন কৰা হ’ব বুলি দিয়া প্ৰতিশ্ৰুতি আৰু নমামী ব্ৰহ্মপুত্ৰ আৰু নমামী বৰাক উৎসৱ পাতি এই দুয়ো নদীৰ বান নিয়ন্ত্ৰণৰ বাবে দিয়া প্ৰতিশ্ৰুতি সমূহ কি হ’ল বুলি কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক প্ৰতিবাদস্থলীৰ পৰা প্ৰশ্ন কৰে ৰিপুন বৰাই। অসমৰ বান সমস্যা সমাধনৰ বাবে বিজেপিয়ে প্ৰদান কৰা প্ৰতিশ্ৰুতি সমূহ ভুৱা প্ৰতিশ্ৰুতি বুলি অভিহিত কৰি এই প্ৰতিশ্ৰুতি সমূহৰ প্ৰতিলিপিও দাহ কৰে কংগ্ৰেছে।