গুৱাহাটী, সংবাদ ৩৬৫, ১৩ মাৰ্চ: মঙলবাৰে অসমৰ জনজাতীয় সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা যায়। পুৱা ৫ বজাৰ পৰা সন্দিয়া ৫ বজালৈ জনোৱা এই ১২ ঘণ্টীয়া অসম বন্ধৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত পথৰ ওপৰত আবদ্ধ হৈ পৰে যানবাহন সমূহ। জনজাতিৰ বাবে সংৰক্ষিত ১২,১৫৫ বেকলগ পদ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত পূৰণ কৰা, লাইকা দধীয়াৰ বান খহনীয়া বিধ্বস্ত জনজাতীয় কৃষক সকলক শীঘ্ৰে সংস্থাপন দিয়া, শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ ৫৩৬ খন গাঁৱৰ ডেৰ লাখ কাৰ্বি, মিচিং, ৰাভা, বড়ো আৰু আদিবাসী সকলক আগন্তক পঞ্চায়ত নিৰ্বাচনত ভোটাধিকাৰ প্ৰদান কৰাৰ দাবীত জনজাতীয় সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে মঙলবাৰে ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনায়। অসম বন্ধৰ প্ৰভাৱ বিটিএডিৰ বিভিন্ন স্থানত মিশ্ৰিত ৰূপত দেখা পোৱাৰ বিপৰীতে ওদালগুৰি জিলাৰ ভেৰগাঁও, ডিমাকুচি, শুক্লাই, বৰঙাজুলি, টংলা অঞ্চলত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপত দেখা পোৱা যায়। মৰিগাঁও জিলাৰ জাগীৰোডৰ ৩৭ নং ৰাষ্ট্রীয় ঘাইপথৰ ওপৰত বন্ধ সমৰ্থকে টায়াৰ জ্বলাই প্ৰতিবাদ কৰাৰ ফলত উজনি নামনিৰ যানবাহন সমূহ পথৰ ওপৰত আবদ্ধ হৈ পৰে।