সৰুপথাৰ, সংবাদ ৩৬৫, ৫ ডিচেম্বৰ: বহু প্ৰত্যাক্ষিত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন ৰাজ্যৰ ভিন ভিন ঠাইত বুধবাৰে পূৰ্ণোদ্যমে চলা পৰিলক্ষিত হয়। প্ৰথম পয্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া পূৱা সাত বজাৰ পৰা আৰম্ভ হৈছে ৷ সৰুপথাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ধনশিৰি মহকুমাটো পূৱাৰে পৰা ভোটাৰ ৰাইজৰ মাজত ব্যাপক উৎসাহ দেখা পোৱা গৈছে । পুৱা ৭ বজাৰ পৰা ভোট কেন্দ্ৰ সমূহত ভোট দিবলৈ অহা ৰাইজৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে ৷ এইবাৰৰ পঞ্চায়ত নির্বাচনত বিগত লোকসভা আৰু বিধানসভাৰ নিৰ্বাচনত ভোটদান কৰা ভোটাৰো পঞ্চায়ত নিৰ্বাচনত ভোট দিয়াৰ পৰা বঞ্চিত হোৱাৰ দৰে ঘটনা সংঘটিত হৈছে । উল্লেখ্য যে, সৰুপথাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত, ৰতনপুৰ গাঁও পঞ্চায়তৰ ৪০ নং ভোট গ্ৰহন কেন্দ্ৰৰ ডিম্বেশ্বৰ সন্দিকৈ নামৰ লোকজনৰ পৰিয়ালৰ সকলো সদস্যৰে নাম ভোটাৰ তালিকাত অন্তর্ভুক্ত নোহোৱাৰ ফলত ভোটদানৰ পৰা বঞ্চিত হৈ চৰম হতাশাত ভুগিছে উক্ত পৰিয়ালটোৱে । এইক্ষেত্রত সাংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি কেন্দ্ৰটিৰ অন্তৰ্গত ডিম্বেশ্বৰ সন্দিকৈৰ পত্নী জুনু গগৈ সন্দিকৈ নিজেই এগৰাকী বি এল অ। এইক্ষেত্রত পৰিয়ালটোৱে বিভাগীয় কতৃপক্ষক অৱগত কৰিছে যদিও, প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে । ৰতনপুৰ পঞ্চায়তৰ উপৰিও সমষ্টিটোৰ অন্তৰ্গত আন কেইবাখনো পঞ্চায়তত বহু ভোটাৰৰ নাম ভোটাৰ তালিকাত নথকাৰ বাবে বহু লোক ভোটদানৰ পৰা বঞ্চিত হৈছে । অন্যহাতে কিছু সংখ্যক ভোট কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া লেহেমীয়া গতিত হোৱাৰ বাবে ভোট দিবলৈ অহা ৰাইজ ঘণ্টা ঘণ্টা জুৰি ৰৈ থাকিব লগীয়া হৈছে ৷ তিনিটা জিলা পৰিষদীয় সমষ্টি ২১ খন গাঁও পঞ্চায়ত আৰু ২১ টা আঞ্চলিক পঞ্চায়তৰ সদস্য পদ থকা ধনশিৰি মহকুমাটোত মুঠ ভোটাৰৰ সংখ্যা ১৫২৭১৩৷ ইয়াৰে জন পুৰুষ ৭৮৯৯৮ ভোটাৰ ৭৩৭১৫ গৰাকী মহিলা ভোটাৰ ৷