মিৰ্জা, সংবাদ ৩৬৫, ১৪ জানুৱাৰী: ভোগালী বিহুক আদৰাৰ বাবে ৰাজ্যবাসীৰ মাজত ব্যাপক উৎসাহ থকাৰ সময়তে আনফালে জাতিধব্বংসী বিধেয়কৰ বিৰোধীতাৰে ৰাণীত জ্বলিল নাগৰিকত্ব সংশোধনী বিধেয়ক । অসমত হিন্দু বাংলাদেশী সংস্থাপন কৰি যি জাতিধব্বংস কৰিব খুজিছে তাৰ তীব্ৰ বিৰোধীতা কৰি কৃষকমুক্তি সংগ্ৰাম সমিতিৰ সদস্যই সোমবাৰে ভেলাঘৰৰ বাকৰিত মেজিৰ আগত জ্বলাই দিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬। ৰাজ্যবাসীৰ বাবে অতিকৈ দুখ লগা বিষয় যে ভোগালীত অসমৰ ৰাইজে ভোগালীক আদৰাৰ সময়তো যেন জাতি সংকটৰ বাবে তীব্র প্রতিবাদ কৰিব লগা হৈছে।