পলাশবাৰী, সংবাদ ৩৬৫, ১০ অক্টোবৰ: মহানগৰীৰ সমীপৱৰ্তী ৰাণীত একাংশ ডাম্পাৰ চালকৰ সন্ত্ৰাসত অতিষ্ঠ হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰীকে ধৰি অঞ্চলটোৰ সাধাৰন ৰাইজ । অসম-মেঘালয় সীমান্তৱৰ্তী ব্যস্ততাপূৰ্ণ ৰাণী এন ই চি ৰোডত সঘনাই ডাম্পাৰৰ মইমতালীয়ে প্ৰায়ে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰি আহিছে । অসম-মেঘালয় সীমান্তৰ হোৱা হেতুকে ৰাণীৰ একাংশ শিল ব্যৱসায়ীয়ে বিভাগীয় নীতি-নিয়ম উলংঘা কৰি নিজৰ মইমতালীৰে চলাই আহিছে শিল ব্যৱসায় । বুধবাৰেও উক্ত পথছোৱাত সংঘটিত হয় ভয়ানক দুৰ্ঘটনা। এ এছ০১ ডি চি ৪৩৬১ নাম্বৰৰ ডাম্পাৰ খনে তীব্ৰ গতিত আহি নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতেই বাগৰি পৰে । উল্লেখ্য যে ৰাণীৰ বিতৰ্কীত শিল ব্যৱসায়ী দিগন্ত বৰ্মনৰ উক্ত ডাম্পাৰ খনৰ চালকজনে দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে । সৌভাগ্যক্ৰমে সেইসময়ত অহা স্কুল-কলেজীয়া বহু ছাত্ৰ-ছাত্ৰীৰ প্ৰান ৰক্ষা পৰে । এই দুৰ্ঘটনাৰ ফলত অতি ব্যস্ততাপূৰ্ণ এন ই চি পথছোৱা বহু সময় ধৰি বন্ধ হৈ পৰে । বহুবাৰ স্থানীয় দল-সংগঠন তথা সচেতন ৰাইজে এই ডাম্পাৰৰ অটপালিৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰি আহিছিল যদিও আজিলৈ উৰ্দ্ধতম কৰ্তৃপক্ষই কোনো এটা সুব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম নহল । বিশেষকৈ স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী অহা-যোৱা সময়ত শিলভৰ্তি ডাম্পাৰৰ চলাচল বন্ধ ৰাখিবলৈ সচেতন মহলে প্ৰায়েই দাবী জনাই আহিছিল আৰক্ষী-প্ৰশাসন তথা স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাক ।