আজাৰা, সংবাদ ৩৬৫, ১৯ জানুৱাৰী: পশ্চিম গুৱাহাটীৰ অসম-মেঘালয় সীমান্তৱৰ্তী ঐতিহাসিক বৃহত্তৰ ৰাণীত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব সদৌ অসম থাই বক্সিং চেম্পিয়নশ্বিপ-২০১৯। ১৮, ১৯ আৰু ২০ জানুৱাৰীত তিনিদিনীয়াকৈ ৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব এই বক্সিং চেম্পিয়নশ্বিপ । “ৰাণী কোচিং চেণ্টাৰ” ৰ উদ্যোগত আৰু “সদৌ অসম থাই বক্সিং এচোচিয়েচন” ৰ সহযোগত হ’বলগীয়া এই প্ৰথম বাৰ্ষিক থাই বক্সিং প্ৰতিযোগীতাত ৰাজ্যৰ বহুকেইখন জিলাৰ প্ৰতিযোগিয়ে অংশ গ্ৰহণ কৰিব । এই চেম্পিয়নশ্বিপত সদৌ অসম থাই বক্সিং এচোচিয়েচনৰ সভাপতি দিঠকানন্দ হাজৰিকা ( এ.চি .এচ .) , সম্পাদক ৰিতুৰাজ ৰাভাই উপস্থিত থকাৰ লগতে ৰাজ্যৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব । এই প্ৰতিযোগীতাৰ লগত সংগতি ৰাখি ২০ জানুৱাৰীৰ সামৰণিৰ দিনা বঁ‌টা বিতৰনিৰ লগত বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীত মাৰ্ক এলভিন , অংকুৰ তণয়, পৱিত্ৰ পি.কে লগতে মিছ চুমি কলিতাই গীত পৰিবেশন কৰিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে ।