নিউজ ডেস্ক, ২৪ এপ্ৰিলঃ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ, সম্পূৰ্ণ আস্থা আৰু ধৰ্মীয় ৰীতি নীতিৰে নিৰ্মান কৰা হওঁক ৰাম মন্দিৰ৷ ন্যায়ালয়ৰ এই নিৰ্দেশত আচৰিত সমগ্ৰ দেশ৷ অৱশ্যে এই নিৰ্দেশ ভাৰতবৰ্ষৰ বিবাদীত ভূমি অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ নহয়৷ ভাৰতৰ বাবৰি মছজিদ আৰু ৰাম মন্দিৰক লৈ বছৰ বছৰ ধৰি বিবাদ চলি থকা সময়তে এখন মুছলিম ৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ে দেশখনত ৰাম মন্দিৰ বনাবলৈ নিৰ্দেশ দিছে৷ এই নিৰ্দেশ আন কোনো মুছলিম দেশ নহয় বৰঞ্চ পাকিস্তানৰ উচ্চতম ন্যায়ালয়ৰ৷ পাকিস্তানৰ সংবাদ মাধ্যমৰ বাতৰি মতে পাকিস্থানৰ উচ্চতম ন্যায়ালয়ে দেশখনৰ খেবান বাখতুংখুওবা চৰকাৰক কৰক জিলাৰ টেৰি গাওঁত ৰাম মন্দিৰ বনাবলৈ নিৰ্দেশনা জাৰি কৰিছে৷ ১৯৯৭ চনত পাকিস্তানত এই গাঁওখনত কিছুমান উগ্ৰ-সাম্প্ৰদায়িক লোকে এটা ৰাম মন্দিৰ বিধ্বস্ত কৰিছিল আৰু মন্দিৰটোৰ পুননিৰ্মানত বাধা দিছিল৷ পাকিস্তানৰ সাংসদ আৰু হিন্দু পৰিষদৰ সংৰক্ষক ৰমেশ কুমাৰ বাংকৱানীৰ এক আবেদনৰ শুনানিত পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে ৰায়দান কৰি ৰাম মন্দিৰ নিৰ্মাণৰ এই নিৰ্দেশ জাৰি কৰে৷