নিউজ ডেস্ক, সংবাদ ৩৬৫, ৬ ফেব্ৰুৱাৰী : অযোধ্যাত বিশাল আৰু ভৱ্য ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ১৫ জনীয়া এক স্বতন্ত্ৰ ট্ৰাষ্ট গঠন কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা গঠন কৰা হৈছে এই ট্ৰাষ্ট।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উচ্চতম ন্যায়ালয়ৰ তিনি মাহৰ সময়সীমা শেষ হোৱাৰ চাৰিদিন পূৰ্বে লোকসভাত এই ঘোষণা কৰে।

প্ৰধানমন্ত্ৰী গৰাকীৰ মন্তব্য” দেশৰ কোটি কোটি লোকৰ দৰেই এই বিষয়টো মোৰো আন্তৰিক বিষয়। এই বিষয়ে কোৱাটোও মোৰ বাবে এক সৌভাগ্য।”

ৰাম মন্দিৰ নিৰ্মাণ আৰু এই সম্বন্ধীয় বিষয়ত স্বতন্ত্ৰভাৱে সিদ্ধান্ত লোৱাৰ অধিকাৰ থাকিব এই ট্ৰাষ্টৰ। ট্ৰাষ্টৰ পঞ্জীয়ন কাৰ্যালয় হ’ব দিল্লীত।