কোকৰাঝাৰ, ৫ জুলাইঃ নেচনেল গেমচত স্বৰ্ণ পদক লাভ কৰি অসমৰ নাম উজলাই তোলা ৰাষ্ট্ৰীয় খেলুৱৈ গহেলা বড়োক এটা বাসগৃহ নিৰ্মান কৰি দিলে কোকৰাঝাৰৰ  ডিস্কভাৰী ক্লাৱ নামৰ বেচৰকাৰী সংস্থাই। ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম উজলাই তোলা খেলুৱৈগৰাকী জটিল ৰোগত আক্ৰান্ত হোৱা পিছত বিভিন্ন পক্ষৰ তৰফৰ পৰা উচ্চ চিকিৎসাৰ প্ৰয়োজন সাপেক্ষে আৰ্থিক দান বৰঙণি সংগ্ৰহ কৰি  দিল্লীৰ এইমছ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছিল। দীৰ্ঘদিন ধৰি চিকিৎসা কৰি সুস্থ হোৱা খেলুৱৈ গৰাকীক নিজৰ বাসগৃহলৈ অনা হয় যদিও চিকিৎসকে দিয়া পৰামৰ্শ অনুযায়ী ঔষধ খাই থকাৰ লগতে সময়ে সময়ে স্বাস্থ্যৰ পৰীক্ষা কৰিবলৈ চিকিৎসালয়ত থাকিব লগীয়া হয়। চিকিৎসকে পৰামৰ্শ দিয়া মতে জটিল ৰোগত আক্ৰান্ত হোৱা গহেলা বড়োক এটা পৰিস্কাৰ কোঠাতহে ৰাখিব লাগে। কিন্তু অতিকৈ দৰিদ্ৰ পৰিয়াল হোৱা গহেলাৰ মাটিৰ ঘৰৰ বাহিৰে তেনে ধৰণৰ ঘৰ নাই । ইয়াকে লক্ষ্য ৰাখি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কল্যাণমূলক কামত সহায় – সহযোগিতা দি অহা কোকৰাঝাৰৰ ডিস্কভাৰী ক্লাৱ নামৰ এটা বেচৰকাৰী সংস্থাই গহেলা বড়োৰ বাবে এটা পকী ঘৰ নিৰ্মাণ কৰি দিয়ে। নৱ নিৰ্মিত দুই কোঠালিযুক্ত ঘৰৰ ৰঙা ফিটা কাটি উদ্ধোধন কৰে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নী ছেওলি মহিলাৰীয়ে। উদ্ধোধন কাৰ্যসূচীত উপস্থিত থাকে বি টি চি খেল বিভাগৰ মুৰব্বী জনাৱতী মহিলাৰী আৰু ডিস্কভাৰী ক্লাৱৰ কৰ্মকৰ্তা সহ স্থানীয় লোক। উল্লেখযোগ্য যে  গহেলা বড়োৱে ২০০৮ চনৰ পৰা ২০১৬ চনলৈ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি বডোলেণ্ড, অসম আৰু ভাৰতবৰ্ষলৈ সুনাম কঢ়িয়াই প্ৰতিভাৱান ৰাষ্ট্ৰীয় আৰ্চাৰী খেলুৱৈৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয় ।