গুৱাহাটী, সংবাদ ৩৬৫, ১৮ মে’ : ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ হৈ প্ৰতিনিধিত্ব অসমীয়াই । চুইমিং ফেডাৰেচন অফ ইণ্ডিয়াৰ সংযুক্ত সচিবৰ পদত অধিষ্ঠিত হ’ল অসম সাঁতোৰ সন্থাৰ সম্পাদক ৰূপে কৰ্মৰত ভাস্কৰ দাস ।

যোৱা ১৬ মে’ত চেন্নাইত অনুষ্ঠিত হোৱা এক বিশেষ সভাতে চুইমিং ফেডাৰেচন অফ ইণ্ডিয়াই ভাস্কৰ দাসক এই দায়িত্বভাৰ প্ৰদান কৰে । এই দায়িত্বভাৰ গ্ৰহন কৰি চেন্নাইৰ পৰা আজি অসমত উপস্থিত হ’ল ভাস্কৰ দাস ।

ভাস্কৰ দাসক বৰঝাৰস্থিত বিমানবন্দৰত আদৰণী জনাই অসম সাঁতোৰ সন্থাই । উল্লেখ্য যে ভাস্কৰ দাস হৈছে চুইমিং ফেডাৰেচন অফ ইণ্ডিয়াৰ অসমৰ পৰা নিৰ্বাচিত হোৱা প্ৰথমগৰাকী অসমীয়া । এই পদত অধিস্থিত হৈ উৎফুল্লিত ভাস্কৰ দাসৰ লগতে অসম সাঁতোৰ সন্থা ।