শিমলুগুৰি, ৮ জানুৱাৰী: পঞ্জাৱৰ অমৃতসৰত অলপতে অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় মিক্সড বক্সিং চেম্পিয়নশ্বিপত অসম দলক প্ৰতিনিধিত্ব কৰা শিমলুগুৰিৰ কিক্ বক্সিং একাডমীৰ খেলুৱৈয়ে ৮টা সোণৰ আৰু ৪টা ৰূপৰ পদক লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। মিক্সড বক্সিং এছচিয়েশ্যন, অসমৰ হৈ ৰাষ্ট্ৰিয় প্ৰতিযোগিতাত যোগদান কৰি পদক অৰ্জন কৰা খেলুৱৈ সকল হৈছে সন্ধ্যা কুমাৰী শ্বাহ(সোণ), শৈলেস কুমাৰ শ্বাহ(সোণ), ৰাখী দেওঘৰীয়া(সোণ), অভিনন্দন দেওঘৰীয়া(সোণ), নিকি ৰাজকুমাৰী(সোণ), বিকি মুণ্ডা(সোণ), মুনমি চেতিয়া(সোণ), সংগীতা দাস (সোণ), সোণমণি খনিকৰ(ৰূপ), প্ৰিয়া লিকচন(ৰূপ), ৰাজশ্ৰী ফূকন(ৰূপ) আৰু হীৰকজ্যোতি চাংমাই(ৰূপ)। দলটোৰ প্ৰশিক্ষক অসীম গগৈ, মেনেজাৰ শংকৰ শৰ্মা আৰু তত্বাৱধায়ক হিচাপে আছিল বিশ্ব চেতিয়া,  দ্বীপ বৰগোহাঁই।