লখিমপুৰ

১৭ জুন

লখিমপুৰৰ কিমিনত প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে কিমিনৰ পৰা পুতিন সংযোগী প্ৰায় ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা পথ ফিটা কাটি উদ্ধোধন কৰাৰ লগতে বৈদ্যুতিন মাধ্যমেৰে আন ১১ টা পথ উদ্ধোধন কৰে। প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে উদ্ধোধন কৰা পথ কেইটাৰ ১০ টা অৰুণাচলৰ আৰু ২ টা পথ লাডাখৰ।

পথ কেইটা উদ্ধোধন কৰি কিমিনৰ বিলগড় আই টি বি পিৰ প্ৰশিক্ষণ কেন্দ্রত আয়োজিত সভাত ভাষণ দি বৈৰী ৰাষ্ট্ৰ সমুহলৈ সতৰ্ক বাৰ্তা দি প্ৰতিৰক্ষা মন্ত্রী গৰাকীয়ে ভাৰতবৰ্ষ শান্তিৰ পূজাৰী বুলি মন্তব্য প্ৰকাশ কৰে। প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে লগতে কয় যে কোনো দেশৰ প্ৰতি আগ্ৰাসী কাম কৰা নাই ভাৰতে কিন্ত কোনোবাই ভাৰতৰ প্ৰতি আগ্ৰাসন কৰিলে যোগ্য প্ৰতুত্তৰ দিয়া হ’ব।

সীমান্ত পথ সংস্থাৰ কাম কাজৰো প্ৰশংসা কৰে মন্ত্রী গৰাকীয়ে। উত্তৰ-পূৱক দেশৰ বিকাশৰ ইঞ্জিন বুলি অভিহিত কৰি উত্তৰ-পূৱৰ বিকাশৰ হকে তিনি মাহৰ মুৰে মুৰে কেন্দ্রীয় নেতা উত্তৰ-পুৱলৈ আহিব বুলিও কয় দেশৰ প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে।

বিশ্বাস অন্য ৰাষ্ট্ৰৰ ওপৰত ভাৰতে নিৰ্ভৰশীলতা পৰিহাৰ কৰা বুলি উল্লেখ কৰি দেশতে অস্ত্র-শস্ত্র নিৰ্মাণ কৰা হ’ব বুলিও কয় প্ৰতিৰক্ষা মন্ত্রী গৰাকীয়ে।সভাখনত অসম আৰু অৰুণাচলৰ মূখ্যমন্ত্রী, কেন্দ্ৰীয় মন্ত্রী কিৰেন ৰিজিজু, সেনা আৰু বি আৰ অৰ শীৰ্ষ বিষয়া সকলে অংশ গ্রহণ কৰে।