মুস্তাক আহমেদ

জুৰীয়া

২০ নৱেম্বৰ

ৰূপহীহাটৰ খাটোৱালত শুকুৰবাৰে সন্ধিয়া গুলী চালনাৰ ঘটনা। দুৰ্বৃত্তই গুলী চলাই লুটি নিলে সাত ৭ লাখ ৫০ হাজাৰ টকা। পাঞ্জাৱ নেশ্যনেল বেংকৰ পৰা টকা উলিয়াই ঘৰলৈ গৈ থকা যুৱকৰ ওপৰত গুলী চালনা কৰি লুটি নিলে টকা।

নগাঁও জিলাৰ ৰূপহীহাটত সংঘটিত হৈ চাঞ্চল্যকৰ ডকাইতি কাণ্ড। ৰূপহীহাটৰ গড়াজানৰ ইলিয়াছ ৰহমত উল্লাহ নামৰ এজন যুৱকৰ ওপৰত গুলী চালনা কৰি দুৰ্বৃত্তৰ দলে যুৱক জনৰ পৰা লুটি নিয়ে ৭ লাখ ৫০ হাজাৰ টকা। ইলিয়াছ ৰহমত উল্লাহ নামৰ যুৱকজনে জুৰীয়া পাজ্ঞাৱ নেশ্যনেল বেংকৰ পৰা টকা উলিয়াই লৈ নিজ ঘৰ অভিমুখে গৈ থকা অৱস্থাত পালচাৰ বাইকেৰে অহা দুৰ্বত্তই প্ৰথমে যুৱক জনৰ বাইকত খুন্দা মাৰি যুৱক জনক উদ্দেশ্যি গুলী চালনা কৰি টকাৰ বেগ লৈ পলায়ন কৰে। অৱশ্যে দুৰ্বত্তৰ গুলী যুৱক জনৰ গাত নলগাত যুৱকজন কথমপি ৰক্ষা পৰে।

ইলিয়াছ ৰহমত উল্লাহ নামৰ যুৱক জন পাজ্ঞাৱ নেশ্যনেল বেংকৰ গড়াজান শাখাত বাণিজ্যিক প্ৰতিনিধি ৰূপে কৰ্মৰত বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত গড়াজান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।