কুন্দন ভৰালী

নগাঁও

১২ জানুৱাৰী

ভোগালী বিহুৰ আনন্দৰ মাজতে নগাঁও জিলাৰ ৰেংবেঙত শোকাবহ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাত দুজন থিতাতে নিহত হোৱাৰ লগতে আহত হৈছে তিনিজনকৈ লোক। তীব্ৰ বেগী ট্ৰাকৰ খুন্দা মাৰে বলেৰত।

নগাঁও জিলাৰ কঠিয়াতলীৰ ৰেংবেঙত মঙলাবাৰে সন্ধিয়া সংঘটিত হয় এক শোকাবহ পথ দূৰ্ঘটনা। পথ দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হোৱাৰ লগতে আহত হয় তিনিজনকৈ লোক। নিহত লোক দুজন হৈছে চিন্নত বে আৰু সান্দৰসিং হাঞ্চে৷ দুৰ্ঘটনাটোত আহত হোৱা লোক তিনিজন হৈছে ক্ৰমে চিতৰ সিং টেৰণ, অৰুণ কিলিং আৰু তাপস দাস। আহত লোক সকলৰ ভিতৰত চিন্নত বে’ৰ ঘৰ হাওৰাঘাটত আৰু সান্দৰসিং হাঞ্চেৰ ঘৰ বোকাজানত। আনহাতে চিতৰ সিং টেৰণৰ ঘৰ ডকমকাত, অৰুণ কিলিংৰ ঘৰ বোকাজানত আৰু তাপস দাসৰ ঘৰ ডিফুত। আহত তিনিজনৰ ভিতৰত চিতৰ সিং টেৰণ আৰু তাপস দাস গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ বাবে দুয়োকে গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। জানিব পৰা মতে আধাৰ কাৰ্ডৰ কামৰ বাবে ডিফুৰ পৰা আঞ্জুকপানীলৈ অহা লোক কেইজনে নিজৰ কাম সমাপ্ত কৰি এএছ-০১-ইএম-৯৬৫৭ নম্বৰৰ বলেৰ গাড়ীৰে উভতি গৈছিল।

উভতি যোৱাৰ পথত এনএল-০৩-এ-০২৯২ নম্বৰৰ তীব্ৰ বেগী এখন ট্ৰাকে বলেৰখনত খুন্দা মাৰে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে ট্ৰাকখন ভুল পথৰে তীব্ৰ বেগত আহি বলেৰখনক খুন্দা মাৰিছিল।