গুৱাহাটী, ১৪ ডিচেম্বৰঃ দেশৰ সৰ্ববৃহৎ ঘড়ী নির্মাণকাৰী আৰু খুচুৰা বিপনী শংখল টাইটান ৱাটাচে বৃহস্পতি বাৰে গুৱাহাটীত মুকলি কৰিলে উত্তৰ-পূৱৰ সৰ্ববৃহৎ শ্ব’-ৰূম। গুৱাহাটীৰ চানমাৰিত মুকলি কৰা এই বিপনীখন উত্তৰ পূৱত খুচুৰা বিপনীৰ নেটৱৰ্কৰ সম্প্রসাৰণৰ অংশ হিচাপে সন্নিৱিষ্ট কৰা হৈছে৷ এই বিপনীখন মুকলি কৰে ৱৰ্ড অৱ টাইটানৰ আঞ্চলিক বাণিজ্যিক প্রবন্ধক বিপুল দাস গুপ্তাই। বিপনী মুকলি কৰাৰ পিছত ৱৰ্ল্ড অৱ টাইটান শ্ব’ৰূমৰ স্বত্তাধিকাৰী ঋষভ কৗশলিৱালে কয় যে টাইটান ঘড়ীয়ে ইতিমধ্যেই সমগ্ৰ দেশতে কেইবা বছৰ ধৰি মানদণ্ড আৰু বিশ্বাসযোগ্যতাৰ প্ৰতীক হিচাপে বিবেচিত হৈ আহিছে আৰু এই শ্ব’ৰূমটােৱে ঘড়ীৰ পৰিব্যাপ্ত সংগ্ৰহ প্ৰদান কৰিব, জনপ্রিয় মডেলৰ পৰা আৰম্ভ কৰি শেহতীয়া সকলো মডেলেই উপলব্ধ হ’ব এই বিপনীখনত। উল্লেখ্য যে এই বিপনীখনৰ মুখ্য আকর্ষণ হৈছে বিভিন্ন লাইফ ষ্টাইলৰ বিভিন্ন ধৰণৰ ঘড়ীৰ বিস্তৃত সংগ্ৰহ। বিপনীখনত উপলব্ধ আছে জাইলিছ, টমী হিলফিগাৰ, কেনিথ কোলে, পুলিচ, অক্টেন আৰু ৰাগা ব্ৰেণ্ডৰ ঘড়ী। ১০০০ বর্গফুট এলেকাৰ এই শ্ব’ৰূমটােতেই সংলগ্ন কৰা হৈছে ৱাটচ কেয়াৰ চেন্টাৰ। একেটা স্থানতে একেলগে ২০০০ টা ঘড়ী প্ৰদৰ্শনৰ সুবিধা আছে এই বিপনীখনত। আশা কৰা হৈছে বিবাহৰ এই বতৰত এই শ্ব’ৰূমটােৰ মুকলিয়ে নিশ্চিতভাৱে বিবাহ প্রত্যাশীসকলক আনন্দিত কৰিব, কিয়নাে ইয়াত সন্নিৱিষ্ট হৈছে এক বৃহৎ আৰু বিশেষ ৱেডিং কালেকশ্যন। এইসমূহৰ উপৰিও এই বিপনীখনত বিভিন্ন ৰেহাই আৰু সুবিধা উপলব্ধ কৰােৱা হ’ব উৎসৱৰ বতৰ অনুসৰি৷